চিলাপথাৰত প্ৰধানমন্ত্ৰী, বুটাম টিপি শুভাৰম্ভ কৰিলে কেইবাটাও অভিলাসী প্ৰকল্প

News18 Assam | News18-Assam
Updated:February 22, 2021, 2:37 PM IST
চিলাপথাৰত প্ৰধানমন্ত্ৰী, বুটাম টিপি শুভাৰম্ভ কৰিলে কেইবাটাও অভিলাসী প্ৰকল্প
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  সোমবাৰে চিলাপথাৰৰ চিতলমাৰী পথাৰত সম্বোধন কৰে এখন বিশাল জনসভা।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে  সোমবাৰে চিলাপথাৰৰ চিতলমাৰী পথাৰত সম্বোধন কৰে এখন বিশাল জনসভা।

  • Share this:
পুনৰ অসমলৈ আহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কম দিনৰ ভিতৰতে চতুৰ্থবাৰৰ বাবে অসমলৈ অহা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সোমবাৰে চিলাপথাৰৰ চিতলমাৰী পথাৰত সম্বোধন কৰে এখন বিশাল জনসভা। সভাত প্ৰধানমন্ত্ৰ ী মোদীয়ে  ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয় মুকলি কৰাৰ লগতে আন কেইবাটাও প্ৰকল্পৰ শুভাৰম্ভণি কৰে।

ইফালে ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীগৰাকীয়ে, বঙাইগাওঁ শোধানাগাৰৰ উৎপাদন ক্ষমতা বৃদ্ধিত চৰকাৰে গুৰুত্ব প্ৰদান কৰা বুলি উল্লেখ কৰে। লগতে এইবাৰৰ বাজেটত

১ কোটি লোকক অতিৰিক্ত ভাবে উজ্বলা গেছ সংযোগ দিয়া হ’ব বুলি মোদীয়ে তেওঁৰ ভাষণত উল্লেখ কৰে।

আনহাতে নতুন শিক্ষানীতিৰ প্ৰসংগ উল্লেখ কৰি মোদীয়ে কয় যে, ৰাষ্ট্ৰীয় শিক্ষানীতিত স্থানীয় ভাষাৰে মেডিকেল শিক্ষা  লাভ কৰিব পৰা যাব।ফলত দুখীয়াৰ সন্তানো চিকিৎসক হ’ব পাৰিব।'
Published by: Himangshu Bhuyan
First published: February 22, 2021, 2:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি