কেতিয়া কোৰোণাৰ টিকা ল'ব মোদী-সোণোৱালে? নেতাৰ টিকাকৰণ কেতিয়াৰ পৰা হ'ব আৰম্ভ?

দেশজুৰি চলিছে কোৰোণাৰ টিকাকৰণ অভিযান। প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীক দিয়া হৈছে কোৰোণাৰ টিকা।
দেশজুৰি চলিছে কোৰোণাৰ টিকাকৰণ অভিযান। প্ৰথম পৰ্যায়ত স্বাস্থ্যকৰ্মীক দিয়া হৈছে কোৰোণাৰ টিকা।
- News18 Assam
- Last Updated: January 21, 2021, 2:17 PM IST
অর্থাৎ সকলো ঠিকে থাকিলে প্ৰধানমন্ত্ৰী মোদীয়ে হয়টো কোৰোণাৰ টিকা ল'ব পাৰে মাৰ্চ বা এপ্ৰিলত। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এগৰাকী বিষয়াই জনাইছে যে, প্ৰধানমন্ত্ৰীয়ে বিচৰা নাই যে, কোৰোণাৰ টিকাকৰণৰ বাবে যি চিষ্টেম তৈয়াৰ কৰা হৈছে, সেয়া ভগ্ন হওক। প্ৰধানমন্ত্ৰীৰ সৈতে এই ক্ষেত্ৰত একমত হৈছে ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলো।
উল্লেখ্য যে, এতিয়া দেশজুৰি কোৰোণাৰ টিকাকৰণ চলি আছে। প্ৰথম পৰ্যায়ত প্ৰথম শাৰীৰ কোৰোণা যুদ্ধাসকলক ভেকচিন দিয়া হৈছে। ভেকচিন পাইছে আৰক্ষী, সেনা বাহিনীৰ লোক, পৌৰসভাৰ কৰ্মী, স্বাস্থ্যকৰ্মীয়ে। ইয়াৰ পিছতে ভেকচিন পাব ৫০ উৰ্ধ্বৰ ব্যক্তিয়ে। লগতে জটিল ৰোগত আক্ৰান্ত সকলকো কম সময়ৰ ভিতৰতে কোৰোণাৰ টিকা প্ৰদান কৰা হব।