চিলাপথাৰত প্ৰধানমন্ত্ৰীৰ সভা- ১৫ হাজাৰ বাছ, ৮ খন ৰে'লেৰে অনা হ'ল মানুহ

শাসকীয় দলে প্ৰথমবাৰলৈ ৰাইজক আনিবলৈ ৮ খন ৰে'লৰ ব্যৱহাৰ কৰা কাৰ্যক চোকা ভাষাৰে সমালোচনা কৰিছে বিৰোধী কংগ্ৰেছ দলে।
শাসকীয় দলে প্ৰথমবাৰলৈ ৰাইজক আনিবলৈ ৮ খন ৰে'লৰ ব্যৱহাৰ কৰা কাৰ্যক চোকা ভাষাৰে সমালোচনা কৰিছে বিৰোধী কংগ্ৰেছ দলে।
- News18 Assam
- Last Updated: February 22, 2021, 3:13 PM IST
অসম বিধান সভা নিৰ্বাচনৰ প্ৰাকমুহুৰ্তত সোমবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ধেমাজি জিলাৰ চিলাপথাৰৰ শিতলমাৰী চাপৰিত এখন বৃহৎ ৰাজহুৱা সভাত অংশ লয়। মোদীৰ সভাৰ বাবে ওচৰৰ বিভিন্ন বিধানসভা সমষ্টি ক্ৰমে, জোনাই, ধেমাজি, ঢকুৱাখনা, মাজুলী, লখিমপুৰ, বিহপুৰীয়া, ডিব্ৰুগড়, চাবুৱা, মৰাণ, টিংখং, লাহোৱাল, মাৰ্ঘেৰিটা, তিনিচুকীয়া আৰু শিৱসাগৰ সমষ্টিৰ পৰা মানুহ অনা হৈছিল।
বিভিন্ন সমষ্টিৰ এই লোকসকলক ১৫ হাজাৰ বাছেৰে অনাৰ উপৰিও প্ৰথমবাৰলৈ ৮ খন ৰে'লেৰ ব্যৱস্থা কৰা হৈছিল। সেয়াই নহয় আটাইকেইখন ৰে'ল নৰেন্দ্ৰ মোদীৰ সভাৰ সন্মুখতে ৰখোৱা হৈছিল।