ৰাজ্যজুৰি এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনিক লৈ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ ঘটনা পোহৰলৈ আহিছে। ইতিমধ্যে কৃষি মন্ত্ৰী অতুল বৰাই এই কেলেংকাৰীৰ তদন্ত ঘোষণা কৰাৰ লগতে দুৰ্নীতিত জড়িত কোনো সাৰি যাব নোৱাৰিব বুলি মন্তব্য কৰিছে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও পুনৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰৰ শূন্য সহনশীলতাৰ কথা দোহাৰি এই কেলেংকাৰীত জড়িত কোনো সাৰি যাব নোৱাৰে বুলি মন্তব্য কৰিছে।
দৰং জিলাতো এই আঁচনিত সংঘটিত হৈছে ব্যাপক কেলেংকাৰী। স্বামী চৰকাৰী চাকৰিয়াল হোৱাৰ পিছতো ছিপাঝাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যাই লাভ কৰিলে এই আঁচনিৰ ধন। লগতে পঞ্চায়ত সদস্যাৰ আত্মীয়য়ো স্থান পালে হিতাধিকাৰীৰ তালিকাত।
ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰামগাঁও নিবাসী তথা শিক্ষক গজেন্দ্ৰ কলিতাৰ পত্নী নীলিমা কলিতা ছিপাঝাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বুঢ়ীনগৰ আঞ্চলিক পঞ্চায়তৰ সদস্যা। পঞ্চায়ত প্ৰতিনিধি নীলিমা কলিতাৰ স্বামী চৰকাৰী চাকৰিয়াল যদিও সদস্যাগৰাকীৰ নাম আহিল তালিকাত।
নীলিমাৰ স্বামীৰ ককায়েক যোগেন্দ্ৰ কলিতা, তেওঁৰ পত্নী কিৰণ কলিতা, দুই পুত্ৰ দিগন্ত কলিতা আৰু ৰাতুল কলিতায়ো লাভ কৰিছে এই আঁচনিৰ ধন। সদস্যাগৰাকীৰ আন এগৰাকী বৰজনা নীলকান্ত কলিতা, তেওঁৰ পত্নী ভানুমতী কলিতা, পুত্ৰদ্বয় জয়ন্ত কলিতা, কমলজ্যোতি কলিতা, কমলজ্যোতিৰ পত্নী দীপান্বিতা দাস কলিতাকে ধৰি একেটা পৰিয়ালৰ মুঠ ১০ গৰাকী সদস্যৰ নাম অন্তৰ্ভুক্ত হৈছে হিতাধিকাৰীৰ তালিকাত। এই অভিযোগ গাঁওখনৰ একাংশ কৃষকৰ।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|