ৰাকেশ পালৰ অপসাৰণ প্ৰসংগত আজি উচ্চতম ন্যায়ালয়ত শুনানি

উক্ত শুনানিতে এক মতামতত উপনীত হৈ সেই মতামত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ যোগেদি প্ৰেৰণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিলৈ।

news18assam
Updated:May 8, 2019, 10:39 AM IST
ৰাকেশ পালৰ অপসাৰণ প্ৰসংগত আজি উচ্চতম ন্যায়ালয়ত শুনানি
ফাইল ফটো
news18assam
Updated: May 8, 2019, 10:39 AM IST
আজি APSCৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পালৰ অপসাৰণ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব এক শুনানি। উক্ত শুনানিতে এক মতামতত উপনীত হৈ সেই মতামত ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ যোগেদি প্ৰেৰণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিলৈ। উল্লেখ্য যে ২০১৭ চনতে ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ে পালৰ অপসাৰণ সন্দৰ্ভত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ পৰা বিচাৰিছিল মতামত। সংবিধানৰ অনুচ্ছেদ ৩১৭(১) অনুসৰি লোকসেৱা আয়োগৰ সভাপতিক অপসাৰণ কৰাৰ ক্ষমতা কেৱল ৰাষ্ট্ৰপতিক অৰ্পণ কৰা হৈছে আৰু তেওঁ উচ্চতম ন্যায়ালয়ৰ মতামত অনুসৰি সেই ক্ষমতা কাৰ্যকৰী কৰিব লাগে।
আৰু চাওক পৰৱৰ্তী বাতৰি