• Home
  • »
  • News
  • »
  • assam
  • »
  • ‍Borjhar Airport : বৰঝাৰ বিমানবন্দৰত হাৰাশাস্তিৰ সন্মুখীন খেলুৱৈ, বিমানত উঠাৰ পিছত তেওঁক দিয়ে নমাই

‍Borjhar Airport : বৰঝাৰ বিমানবন্দৰত হাৰাশাস্তিৰ সন্মুখীন খেলুৱৈ, বিমানত উঠাৰ পিছত তেওঁক দিয়ে নমাই

প্ৰায় ৬ ঘণ্টাৰ পিছত ইণ্ডিগ' বিমান কৰ্তৃপক্ষই কচীন বিমানবন্দৰলৈ পঠিয়াই দিয়ে খেলুৱৈগৰাকীক।

প্ৰায় ৬ ঘণ্টাৰ পিছত ইণ্ডিগ' বিমান কৰ্তৃপক্ষই কচীন বিমানবন্দৰলৈ পঠিয়াই দিয়ে খেলুৱৈগৰাকীক।

প্ৰায় ৬ ঘণ্টাৰ পিছত ইণ্ডিগ' বিমান কৰ্তৃপক্ষই কচীন বিমানবন্দৰলৈ পঠিয়াই দিয়ে খেলুৱৈগৰাকীক।

  • Share this:
বৰঝাৰ বিমানবন্দৰত হাৰাশাস্তিৰ সন্মুখীন হ'ল এগৰাকী খেলুৱৈ। বিমানত উঠাৰ পিছত তেওঁক পুনৰ নমাই দিয়ে বিমান কৰ্তৃপক্ষই। খেলুৱৈগৰাকী দিশান্ত দে'।

তেওঁ আজি মাতৃসহ ৰাতিপুৱাৰ ভাগত ইণ্ডিগ'ৰ 6E5226 নম্বৰৰ বিমানেৰে যোৱাৰ কথা আছিল গন্তব্য স্থান কেৰালালৈ। কিন্তু বিমানত বহাৰ পিছতে তেওঁক নমাই আনে অসামৰিক বিমান পৰিবহণৰ গাইডলাইন অনুসৰি। অহা ২০ নৱেম্বৰত কেৰালাত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটিং খেলত অংশ লোৱাৰ বাবে বিমানযোগে যাবলগীয়া খেলুৱৈগৰাকীক নমাই দিয়াত হতভম্ব হয় তেওঁ।

অনুমতি পত্ৰ থকাৰ পিছতো শ্বুটিঙৰ ৰাইফল লগত অনা বাবে নমাই দিয়া হৈছিল খেলুৱৈসহ মাতৃগৰাকীক। সকলো অনুমতি থকাৰ পিছতো পৰীক্ষা-নিৰীক্ষা কৰি বিমানত ৰাইফলসহ সোমোৱাৰ পিছত ইণ্ডিগ' বিমান কৰ্তৃপক্ষই গাইডলাইন অনুসৰি এই কাৰ্য কৰে। ইয়াকে লৈ বহু সময় বিমানবন্দৰত হাৰাশাস্তিৰ সন্মুখীন হ'বলগীয়া হয় অসমৰ শ্বুটিং খেলুৱৈ দিশান্ত দে'। অৱশেষত প্ৰায় ৬ ঘণ্টাৰ পিছত ইণ্ডিগ' বিমান কৰ্তৃপক্ষই কচীন বিমানবন্দৰলৈ পঠিয়াই দিয়ে খেলুৱৈগৰাকীক।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি