মুখ্যপৃষ্ঠা »খবৰ »অসম »Sivasagar: ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্লাট'ন কামাণ্ডেন্টৰ, শিৱসাগৰৰ টেঙাপুখুৰীত  চাঞ্চল্য

Sivasagar: ছাৰ্ভিচ পিষ্টলেৰে গুলীয়াই আত্মহত্যা প্লাট'ন কামাণ্ডেন্টৰ, শিৱসাগৰৰ টেঙাপুখুৰীত  চাঞ্চল্য

২৫নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ

২৫নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ

২৫নং বেটেলিয়নত কৰ্মৰত আছিল প্ৰবীণ গগৈ

  • Share this:
শিৱসাগৰৰ টেঙা পুখুৰীত  চাঞ্চল্যকৰ ঘটনা। আজি বিয়লি প্ৰায় ৫ বজাত ছাৰ্ভিচ পিষ্টলেৰে নিজৰ মূৰত গুলীয়াই আত্মহত্যা কৰে ২৫নং এ পি বেটেলিয়নৰ এজন উপ-পৰিদৰ্শকে।  প্ৰবীণ গগৈ (৫৬)  নামৰ প্লাট'ন কামাণ্ডেন্টজনে  মূৰত গুলীয়াই আত্মহত্যা কৰে। প্ৰবীণ গগৈ (৫৬)ৰ ঘৰ শিৱসাগৰৰ (Sivasagar) টেঙা পুখুৰীত।

২৫নং বেটেলিয়নত কৰ্মৰত  প্ৰবীণ গগৈয়ে কৰ্মস্থান শিৱসাগৰ ৰুদ্ৰসাগৰৰ পৰা section Visitত গৈছিল। যাওঁতেই টেঙাপুখুৰীৰ  নিজৰ ঘৰত সোমাইছিল আৰু তাৰ পিছতে বাসগৃহতে গুলীয়াই আত্মহত্যা কৰে (platoon commandant Suicide)।

শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হৈছিল  যদিও মৃত ঘোষণা কৰে  চিকিৎসকে ।

আৰক্ষীয়ে ইতিমধ্যে প্ৰবীণ গগৈৰ ছাৰ্ভিচ পিষ্টল উদ্ধাৰ কৰাৰ লগতে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে।

শেহতীয়া বাতৰি