নলবাৰীৰ বগুৰীহাটীত সোমবাৰৰ পৰা ছয়দিনীয়া কাৰ্যসূচীৰে বগুৰীহাটী বাৰোৱাৰী শ্ৰীশ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তী উৎসৱ উদযাপন কৰা হৈছে । পুৱাৰে পৰা যথেষ্ট ভক্তৰ সমাগমেৰে মুখৰিত হৈ পৰিল মহাৰজত জয়ন্তী মহোৎসৱ উদযাপন স্থলী ।
পুৱা পতাকা উত্তোলন, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পিছতেই এক বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে চেনেলপেহী খ্যাত অভিনেত্ৰী ৰুমী ভূঞা তালুকদাৰে । সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন থলুৱা কৃষ্টি সংস্কৃতি প্ৰদৰ্শন কৰা হয় ।
সোমবাৰৰ পৰা ৬ দিনীয়া বৰ্ণাধ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা বগুৰীহাটী বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজাৰ মহাৰজত জয়ন্তীৰ প্ৰতিদিনে নাম প্ৰসংগ, বন্তি প্ৰজ্বলন, বৃক্ষ ৰোপণ, ওজাপালি আৰু ঢুলীয়া প্ৰদৰ্শন, নাগাৰা নাম প্ৰদৰ্শন , আয়তিৰ নাম প্ৰতিযোগিতা, কবিতা আবৃত্তি, মুকলি প্ৰশ্নমঞ্চ, চিত্ৰাংকন প্ৰতিযোগিতা, লোকগীত আৰু বিয়া নাম প্ৰতিযোগিতা, আলোচনা চক্ৰ, স্মৃতিগ্ৰন্থ উন্মোচন, নৃত্য প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ'ব ।
অনুষ্ঠানৰ ১ এপ্ৰিলত নিশা সাংস্কৃতিক অনুষ্ঠানত জনপ্ৰিয় কন্ঠশিল্পী আচুৰ্য্য বৰপাত্ৰই সংগীত পৰিৱেশন কৰিব । উল্লেখ্য যে অহা ১ এপ্ৰিলত সামৰণি পৰিব বগুৰীহাটী বাৰোৱাৰী শ্ৰী শ্ৰী বাসন্তী পূজা মহাৰজত জয়ন্তী সমাৰোহৰ ।
Published by: Subham Goswami
FIRST PUBLISHED : March 27, 2023, 22:28 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।