প্লাষ্টিকৰ পানী বটলৰ দিন গ’ল, মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত দেখা গ’ল কেটলি আৰু মাটিৰ গ্লাছ

মহানগৰীৰ জজ খেলপথাৰৰ ভলীবল কোচিং চেণ্টাৰত অনুষ্ঠিত স্বচ্ছ, সেউজ, সবল গাঁও অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত দেখা গ’ল এই দৃশ্য।

News18-Assam
Updated:October 1, 2019, 12:10 PM IST
প্লাষ্টিকৰ পানী বটলৰ দিন গ’ল, মুখ্যমন্ত্ৰীৰ অনুষ্ঠানত দেখা গ’ল কেটলি আৰু মাটিৰ গ্লাছ
মহানগৰীৰ জজ খেলপথাৰৰ ভলীবল কোচিং চেণ্টাৰত অনুষ্ঠিত স্বচ্ছ, সেউজ, সবল গাঁও অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত দেখা গ’ল এই দৃশ্য।
News18-Assam
Updated: October 1, 2019, 12:10 PM IST
স্বচ্ছ ভাৰতৰ যোগেদি এক গণ আন্দোলন গঢ়ি তোলা প্ৰধানমন্ত্ৰী মোদীয়ে এইবাৰ দেশবাসীক এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে। গান্ধী জয়ন্তীৰ দিনটোৰ পৰাই দেশবাসীক এই অভিযান আৰম্ভ কৰিবলৈ আহ্বান জনাইছে মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীৰ এই আহ্বানৰ প্ৰতি সঁহাৰি জনাইছে অসম চৰকাৰেও।

আজি এক অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সন্মুখত দেখা গ’ল প্লাষ্টিকৰ পানী বটলৰ সলনি কেটলি আৰু মাটিৰ গ্লাছ। মহানগৰীৰ জজ খেলপথাৰৰ ভলীবল কোচিং চেণ্টাৰত অনুষ্ঠিত স্বচ্ছ, সেউজ, সবল গাঁও অভিযানৰ শুভাৰম্ভণি অনুষ্ঠানত দেখা গ’ল এই দৃশ্য।

অ’ এন জি চি আৰু জনতাৰ চৰকাৰৰ দ্বাৰা ১১৫খন গাঁৱক ভলীবল, বেগ আৰু বাঁহৰ ডাষ্টবিন প্ৰদান কৰা হ’ব। লগতে গ্ৰাম্য অঞ্চলৰ শিশুসকলক ভলীবলৰ লগত জড়িত কৰাৰ বাবে গঠন হ’ব অসম ভলীবল মিছন ১০০। লগতে এই অনুষ্ঠানত প্লাষ্টিক বর্জনৰ কাৰ্যসূচীও লোৱা হয়।



ভলীবলৰ জৰিয়তে প্লাষ্টিকমুক্ত কৰাৰ বাবে সংকল্প লোৱাৰ বাবে এই কাৰ্যসূচীৰ আয়োজন কৰা হয়। অনুষ্ঠানত মুখ্যমন্ত্ৰী সোণোৱালে কয় – পৰিষ্কাৰকৈ থাকিলেহে এখন সুস্থ সমাজ গঢ় লৈ উঠিব। এখন ৰাম ৰাজ্য হিচাপে গঢ় লৈ উঠাৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, য’ত শান্তি–সম্প্ৰীতি, স্বচ্চতা সকলোবোৰ থাকে। দেশৰ পৰিৱৰ্তন আনিবলৈ হ’লে সকলোৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব লাগিব।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি