உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • PTCA Demands Separate State: পুনৰ সুকীয়া ৰাজ্যৰ প্ৰসংগ, এইবাৰ ডিভাইড অসম ফিফটী ফিফটী নহয়, ডিভাইড অসম থাৰ্টী ছেভেণ্টী

    PTCA Demands Separate State: পুনৰ সুকীয়া ৰাজ্যৰ প্ৰসংগ, এইবাৰ ডিভাইড অসম ফিফটী ফিফটী নহয়, ডিভাইড অসম থাৰ্টী ছেভেণ্টী

    পিটিচিএৰ মতে, বৰ্তমান সময়ত  উদয়াচল দাবীৰ প্ৰাসংগিকতা পুনৰ আহি পৰিছে

    পিটিচিএৰ মতে, বৰ্তমান সময়ত  উদয়াচল দাবীৰ প্ৰাসংগিকতা পুনৰ আহি পৰিছে

    পিটিচিএৰ মতে, বৰ্তমান সময়ত  উদয়াচল দাবীৰ প্ৰাসংগিকতা পুনৰ আহি পৰিছে

    • Share this:
    আজি বাক্সাৰ বৰবৰীত এখন সংবাদমেলযোগে পৃথক উদয়াচল ৰাজ্যৰ দাবীত সৰৱ হৈ পৰিল অসম ভৈয়াম জনজাতি পৰিষদ ৷  সংবাদমেলত পিটিচিএৰ প্ৰস্তুতি কমিটীৰ সভাপতি পাৰ্মিনাচ নাৰ্জাৰীয়ে ২০২০ চনৰ ২৭ জানুৱাৰীত সম্পাদিত বিটিআৰ চুক্তি অনুসৰি পৃথক ৰাজ্য গঠনৰ দাবী সম্পূৰ্ণৰূপে বন্ধ হৈ পৰা বুলি উল্লেখ কৰি কয়- ''কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে  কোনো বিপিএফ দল বা ইউ পি পি এল দলৰ কাম-কাজত হস্তক্ষেপ কৰা নাই, কৰিছে পৃথক বডোলেণ্ড ইছ্যুক লৈ ৷ যিটো দাবী সম্পূৰ্ণৰূপে বন্ধ কৰি দিছে ৷ কিন্তু আমাৰ বড়ো সমাজে আজিও এই বিষয়টো সহজভাৱে ল'ব পৰা নাই ৷ কিয়নো ১৯৬৭ চনতে গঠন হোৱা অসম ভৈয়াম জনজাতি পৰিষদে পুনৰ পৃথক ৰাজ্যৰ দাবীৰে আন্দোলন চলাম৷ (PTCA demands separate state again)''

    তেওঁ পুনৰ কয়- ''এৱছুৱে ডিভাইড অসম ফিফটি ফিফটি বিচাৰিছিল, যদিও অসম ভৈয়াম জনজাতি পৰিষদে থাৰ্টী- ছেভেন্টি বিচাৰিছে ৷ ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰত থকা জনজাতীয় লোকসকলক লৈ থাৰ্টী ছেভেন্টী বিচাৰিছোঁ ৷ আমাৰ নীতি এখন গালত মাৰিলে আনখন গালোঁ পাতি দিম ৷ কিন্তু উদয়াচল ৰাজ্য লম ৷ অহা ২০৩০ চনৰ ভিতৰত কাৰ্যকৰী কৰিম আমাৰ দাবী ৷ ইয়াৰ বাবে চলাই যাম ধাৰাবাহিক আন্দোলন ৷''

    আনহাতে সংবাদমেল উপস্থিত থাকি পিটিচিএৰ (Plain Tribals Council of Assam) সাধাৰণ সম্পাদক থানেশ্বৰ বড়োৱে কয় যে বৰ্তমানলৈ তিনিখনকৈ বড়ো চুক্তি স্বাক্ষৰিত হৈছে যদিও কোনো এখন চুক্তিয়ে বড়ো জনগোষ্ঠীটোৰ লগতে এই অঞ্চলত বসবাস কৰা লোকৰ কল্যাণ সাধন কৰিব পৰা নাই ৷ তেওঁ কয় যে দীৰ্ঘদিন ধৰি পিটিচিএ নিষ্ক্ৰিয় হৈ থাকিলেও কমিটীখন ভংগ কৰা নাছিল৷ ৰাজনৈতিক সন্ধিক্ষণত পিটিচিএ ৰ দীৰ্ঘদিনীয়া উদয়াচল সৃষ্টিৰ দাবীত অভাৱনীয় প্ৰতিবন্ধকতা হেতু আন্দোলন স্থগিত ৰাখিবলগীয়া হৈছিল৷ বিশেষকৈ ভাতৃঘাতী সংঘৰ্ষক এৰাই চলিবলগীয়া হোৱা বাবে আন্দোলনৰ কাৰ্যসূচী স্থগিত ৰাখিছিল ৷ কিন্তু বৰ্তমান সময়ত  উদয়াচল দাবীৰ প্ৰাসংগিকতা পুনৰ আহি পৰিছে ৷

    থানেশ্বৰ বড়োৱে এৱছুকো সমালোচনা কৰি কয় যে এৱছুৱে জাতীয় সংগঠন হিচাপে কাম কৰক ৷ ৰাজনীতিৰ লগত জড়িত হ'ব নালাগে ৷ আমি পুনৰ জাতি- জনগোষ্ঠীক লগত লৈ উদয়াচল ৰাজ্যৰ বাবে গণতান্ত্ৰিক আন্দোলন কৰিম ৷ 
    Published by:Gautam Barman
    First published: