• Home
  • »
  • News
  • »
  • assam
  • »
  • ভূপেন বৰাৰ নাম সলালে এগৰাকী মন্ত্ৰীয়ে, ভূপেন বৰাৰ নাম দিলে প্ৰেছ মীট বৰা ...

ভূপেন বৰাৰ নাম সলালে এগৰাকী মন্ত্ৰীয়ে, ভূপেন বৰাৰ নাম দিলে প্ৰেছ মীট বৰা ...

APCCৰ সভাপতি ভূপেন বৰাই লিখা কবিতা আৰু দৈনিক দিয়া সংবাদমেলক লৈ প্ৰতিক্ৰিয়া অব্যাহত আছে শাসকীয় বিজেপিৰ ৷ কোনোবাই যদি ভূপেন বৰাক ৰাজনীতি বাদ দি সাহিত্য সভাত কবিতা পাঠ কৰিবলৈ ক'লে আন কোনোবাই ভূপেন বৰাক নাম দিলে প্ৰেছ মীট বৰা ৷

  • Share this:

ৰাজ্যৰ ৰাজনীতিত এতিয়া কংগ্ৰেছ বিজেপিৰ মাজত চলিছে মুখ চুপতি ৷ দুয়োখন তালেই এতিয়া সমানে বাজিছে ৷ মন্ত্ৰী পিযুষ হাজৰিকাই কংগ্ৰেছৰ অধিকাংশ সমৰ্থক চোৰ ডকাইত বুলি কোৱাৰ পিছত উভতি ধৰিলে APCCৰ সভাপতি ভূপেন বৰাই ৷ ভূপেন বৰাই টানি আনিলে মন্ত্ৰী পিযুষ হাজৰিকাৰ প্ৰয়াত পিতৃকো আৰু ক'লে "পীযুষ হাজৰিকাৰ পিতৃ আজন্ম কংগ্ৰেছী আছিল ৷ তেওঁৰ মৃত্যুৰ সময়ত কংগ্ৰেছৰ পতাকাৰেই ঢকা হৈছিল নশ্বৰ দেহ ৷ কংগ্ৰেছত ৮০% চোৰ ডকাইত আছে বুলি কৈ নিজ পিতৃকে অপমান কৰিছে মন্ত্ৰী গৰাকীয়ে ৷"—বহি থকা ভকত নহয় পীয়ুষ হাজৰিকাও ৷ পীযুষ হাজৰিকাইও দিলে প্ৰত্যুত্তৰ ৷ ক'লে, "আজিৰ কংগ্ৰেছক দেখি দুখ কৰিলেহেঁতেন মোৰ পিতৃয়ে ৷ দহ বছৰৰ আগৰ কংগ্ৰেছ আৰু এতিয়াৰ কংগ্ৰেছৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে ৷ এতিয়াৰ কংগ্ৰেছৰ ৮০% সমৰ্থক চোৰ, ডকাইত, ধৰ্ষণকাৰী, বেদখলকাৰী ৷ আজিও কৈছোঁ বৰপেটা , জনীয়া, ধুবুৰী, নগাঁও, ৰূপহী এইবোৰ ঠাইত গ্ৰেপ্তাৰ হোৱা  ৯০% অপৰাধীয়েই কংগ্ৰেছৰ সমৰ্থক নাইবা কৰ্মী ৷ তালিকা দিম নেকি? খিলঞ্জীয়াৰ বিৰুদ্ধে গৈ চোলা ফলা ভূপেন বৰা আচলতে পানী নোহোৱা ফায়াৰ ব্ৰীগেড ৷ বিহপুৰীয়াত ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনতে হাৰিল দেখোন কংগ্ৰেছ ৷ চোৰ, ডকাইতৰ হৈ দিনে তিনিখন সংবাদমেল দিয়া ভূপেন বৰাৰ নাম প্ৰেছ মীট বৰা হ'ব লাগে ৷"—পীয়ুষ হাজৰিকা ভূপেন বৰাৰ কবিতাক লৈ বৃহস্পতিবাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাইও ৷ কৈছিল, "আমি ৰাজনীতি কৰা মানুহ ৷ ৰাজনীতি কৰাৰ পৰা মূৰ দাঙিবলৈকে সময় নাপাওঁ ৷ তেওঁ কবিতা লিখিছে যেতিয়া সাহিত্য সভালৈ গৈ কবিতাকে আবৃত্তি কৰক ৷"—ভৱেশ কলিতা ইয়াৰ প্ৰত্যুত্তৰো দিলে ভূপেন বৰাই, "মোৰ কবিতা বিজেপিয়ে বেয়া পাবই ৷ এসময়ত মই সাহিত্য চৰ্চা কৰিছিলো ৷ মোৰ কবিতা বহু লোকে ভাল পাইছে ৷ এসময়ত মই কাব্য চৰ্চাকে কৰিম ৷"— ভূপেন বৰা ইফালে কংগ্ৰেছৰ অন্যতম কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে অহা নিৰ্বাচনত জয়ী হ'বলৈ পীয়ুষ হাজৰিকাই মায়ঙৰ বেজ লগাব লাগিব বুলি কৰা মন্তব্যক লৈও APCCৰ সভাপতি, কাৰ্যকৰী সভাপতিক কটাক্ষ কৰিলে মন্ত্ৰী হাজৰিকাই "বিহলঙনী, চোৰাত পাতে বৰা, গোস্বামীকহে খেদিছে ৷ মোক মায়ঙৰ বেজ নালাগে ৷ বাৰে বাৰে হৰা মানুহে দম থাকিলে পীয়ুষ হাজৰিকাক হৰুৱাই দেখুৱাওক ৷"
মুঠৰ ওপৰত হাইভল্টেজ চুপতি কংগ্ৰেছ বিজেপিৰ ৷ কোনোবা যদি ডালে ডালে কোনোবা পাতে পাতে ৷
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি