আছুৰ সক্ৰিয় কৰ্মী আছিল ওৰাঙত ভয়ংকৰ দুৰ্ঘটনাত নিহত পিংকু বৰা

News18-Assam
Updated:November 20, 2019, 11:23 AM IST
আছুৰ সক্ৰিয় কৰ্মী আছিল ওৰাঙত ভয়ংকৰ দুৰ্ঘটনাত নিহত পিংকু বৰা
যোৱানিশা ওৰাঙত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছিল পিংকু বৰাৰ লগতে আন ৭জন যুৱক।

যোৱানিশা ওৰাঙত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছিল পিংকু বৰাৰ লগতে আন ৭জন যুৱক।

  • News18 Assam
  • Last Updated: November 20, 2019, 11:23 AM IST
  • Share this:
ওদালগুৰিৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত পিংকু বৰা নামৰ যুৱকজন আছিল আছুৰ সক্ৰিয় কৰ্মী। তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক আছিল পিংকু বৰা। তেজপুৰ আছুৱে পিংকু বৰাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

যোৱানিশা ওৰাঙত সংঘটিত এক ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছিল পিংকু বৰাৰ লগতে আন ৭জন যুৱক। তেজপুৰৰ পৰা বাইহাটা চাৰিআলিত বিয়া খাবলৈ আহিছিল বিবাহযাত্ৰীৰ দলটো। বিয়া খাই তেজপুৰলৈ উভতি যোৱাৰ পথত গেলাবিলত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো।
NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTube Facebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি