দেওবাৰৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া বাছ, এইসকল লোকে দিব নালাগে ভাড়া

News18 Assam | News18-Assam
Updated:January 12, 2021, 5:49 PM IST
দেওবাৰৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিব গুলপীয়া বাছ, এইসকল লোকে দিব নালাগে ভাড়া
অৱশ্যে এয়া নতুন বাছ নহয়৷ ভ্ৰমণ সাৰথি আঁচনিৰ অধীনত পুৰণি বাছকে নতুনকৈ ৰং সানি আৰম্ভ কৰিছে এই সেৱা৷

অৱশ্যে এয়া নতুন বাছ নহয়৷ ভ্ৰমণ সাৰথি আঁচনিৰ অধীনত পুৰণি বাছকে নতুনকৈ ৰং সানি আৰম্ভ কৰিছে এই সেৱা৷

  • Share this:
মহানগৰবাসীৰ বাবে সুখবৰ৷ দেওবাৰৰ পৰা গুৱাহাটীৰ ৰাজপথত চলিত বিশেষ বাছ সেৱা৷ এই বাছসমূহ হ’ব সম্পূৰ্ণ বিনামূলীয়া৷ অৱশ্যে এই সেৱা লাভ কৰিব মহিলা আৰু জ্যেষ্ঠ নাগৰিকেহে৷ প্ৰথম পৰ্যায়ত মহানগৰীত চলিব ২৫খন গুলপীয়া বাছ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয় প্ৰাংগণত মুকলি কৰে এই সেৱা৷ অৱশ্যে এয়া নতুন বাছ নহয়৷ ভ্ৰমণ সাৰথি আঁচনিৰ অধীনত পুৰণি বাছকে নতুনকৈ ৰং সানি আৰম্ভ কৰিছে এই সেৱা৷

প্ৰশ্ন হৈছে ৰাজ্য চৰকাৰৰ এই বিনামূলীয়া সেৱা কিমান দিনলৈ চলাব পাৰিব? নে নিৰ্বাচনৰ প্ৰাকক্ষণ ৰাজ্যৰ পৰিবহণ বিভাগৰ এয়া এক চমক! সেয়া সময়তহে লক্ষণীয় হ’ব৷ কিয়নো দৈনিক লোকচানৰ সন্মুখীন হোৱা ৰাজ্যিক পৰিবহণে এই ঘাটি কেনেকৈ পূৰণ কৰিব৷

ইপিনে ইয়াৰ পূৰ্বেও এনেকুৱা বহু পদক্ষেপ লৈছিল যদিও সময়ত সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷ উল্লেখযোগ্য যে শনিবাৰে শুভাৰম্ভণী অনুষ্ঠানত উপস্থিত থাকে পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীকে ধৰি বিভাগৰ বিষয়াসকল৷
Published by: Sanjay Kumar Das
First published: January 12, 2021, 5:48 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading