‘অসম জাতীয় পৰিষদক বাংলাদেশীৰ ভোট লাগে, সেয়ে তেওঁলোকৰ পতাকাখন বাংলাদেশৰ পতাকাৰ দৰে’ – কোন মন্ত্ৰীয়ে কৰিলে এই মন্তব্য?

News18 Assam | News18-Assam
Updated:November 5, 2020, 8:15 PM IST
‘অসম জাতীয় পৰিষদক বাংলাদেশীৰ ভোট লাগে, সেয়ে তেওঁলোকৰ পতাকাখন বাংলাদেশৰ পতাকাৰ দৰে’ – কোন মন্ত্ৰীয়ে কৰিলে এই মন্তব্য?
মিয়া সংগ্ৰাহালয় বিষয়ত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আলীয়ে যদি এই বিষয়টো বিধানসভাত উত্থাপন কৰে তেন্তে তেওঁ ভীষণ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিয়ে।

মিয়া সংগ্ৰাহালয় বিষয়ত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আলীয়ে যদি এই বিষয়টো বিধানসভাত উত্থাপন কৰে তেন্তে তেওঁ ভীষণ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিয়ে।

  • Share this:
অসম জাতীয় পৰিষদক বাংলাদেশীৰ ভোট লাগে, সেইকাৰণে তেওঁলোকৰ পতাকাখন বাংলাদেশৰ পতাকাৰ সৈতে একেই। এই বিস্ফোৰক মন্তব্য অসম চৰকাৰৰ নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্ৰ আৰু স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাৰ।

অসম জাতীয় পৰিষদক কঠোৰ সমালোচনা কৰি পীযূষ হাজৰিকাই কয় – দলটোৱে নিজৰ নামটো পুৰণি অগম গণ পৰিষদৰ পৰা লৈছে, শ্লোগান বিজেপিৰ পৰা লৈছে আৰু পতাকাখন বাংলাদেশৰ পৰা লৈছে। এই দলটোৰ হাতত অসমৰ অস্তিত্ব বিপদাপন্ন।

একেদৰে লুৰিণজ্যোতি গগৈয়ে নাহৰকটীয়াৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি ওলোৱা বিষয় সন্দৰ্ভত তেওঁ আছু নেতাগৰাকীয়ে কাৰ নামত ধান সংগ্ৰহ কৰি পলায়ন কৰিছে বুলি মন্তব্য কৰে। আনহাতে মিয়া সংগ্ৰাহালয় বিষয়ত মন্তব্য কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আলীয়ে যদি এই বিষয়টো বিধানসভাত উত্থাপন কৰে তেন্তে তেওঁ ভীষণ পৰিস্থিতিৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিয়ে।
Published by: Sanjay Kumar Das
First published: November 5, 2020, 8:15 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি