মুখ্যপৃষ্ঠা »খবৰ »অসম »"ভূপেন বৰাই অসমত বিজেপি মুক্ত কৰিব নোৱাৰে। তিনিবাৰকৈ নিৰ্বাচনত হৰা মানুহে এইবোৰ কথা ক'লে শোভা নাপায়।"- মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য

"ভূপেন বৰাই অসমত বিজেপি মুক্ত কৰিব নোৱাৰে। তিনিবাৰকৈ নিৰ্বাচনত হৰা মানুহে এইবোৰ কথা ক'লে শোভা নাপায়।"- মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য


৩০বছৰলৈ অসমত বিজেপিৰ চৰকাৰ থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, "কংগ্ৰেছ চৰকাৰ অসমত ১৫ বছৰ আছিল কিন্তু কাৰ্যালয়টোৱেই বনাব নোৱাৰিলে।"

  • Share this:
৩০বছৰলৈ অসমত বিজেপিৰ চৰকাৰ থাকিব বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। মন্ত্ৰী হাজৰিকাই কয় যে তেতিয়ালৈ ভূপেন বৰা 'ইনভেলিড' হৈ যাব।

"ভূপেন বৰাই অসমত বিজেপি মুক্ত কৰিব নোৱাৰে। ভূপেন বৰাৰ লগত মোদী, হিমন্তৰ তুলনা নহয়। তিনিবাৰকৈ নিৰ্বাচনত হৰা মানুহে এইবোৰ কথা ক'লে শোভা নাপায়।" বুলিও মন্তব্য কৰে পীযুষ হাজৰিকাই।

তদুপৰি মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, "কংগ্ৰেছ চৰকাৰ অসমত ১৫ বছৰ আছিল কিন্তু কাৰ্যালয়টোৱেই বনাব নোৱাৰিলে। মোৰ দৰমহাৰ পৰা মাহে ২৫ হাজাৰকৈ আৰু বিধাকয়ে ১০ হাজাৰকৈ দলক দিয়ে। ভূপেন বৰাই ৫ টকা এটাও দলৰ নামত দি পাইছে নেকি? কংগ্ৰেছৰ যি ফিক্স ডিপজিত ৫০লাখ টকা আছিল সেইকেইটাও উলিয়াই খালে।"

শেহতীয়া বাতৰি