Pijush Hazarika's viral call recording: সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে গোচৰ তৰিলে তুলসী মান্তাই

News18 Assam | News18-Assam
Updated:April 5, 2021, 4:06 PM IST
Pijush Hazarika's viral call recording: সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে গোচৰ তৰিলে তুলসী মান্তাই
এতিয়া ঘটনাই লৈছে নতুন মোৰ!

এতিয়া ঘটনাই লৈছে নতুন মোৰ!

  • Share this:
মন্ত্ৰী পীয়ুষ হাজৰিকাই দুগৰাকী সাংবাদিকক দিয়া ধমকৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পিছতে ছচিয়েল মিডিয়াত বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে। ৰাজ্যৰ বহু সাংবাদিকে একেমুখে ধিক্কাৰ দিছিল মন্ত্ৰী পীয়ুষ হাজৰিকাই সাংবাদিকক কৰা আচৰণক। কিন্তু এতিয়া ঘটনাই লৈছে নতুন মোৰ!

অভিনেত্ৰী আইমী বৰুৱাই নাগৰিকত্ব সংশোধনী আইনৰ সন্দৰ্ভত কৰা মন্তব্যক বিকৃত ৰূপত উপস্থাপন কৰা বুলি মন্ত্ৰী হাজৰিকাই অভিযোগ কৰা তুলসী মান্তা নামৰ সাংবাদিক জনে এইবাৰ আৰক্ষী চকীত গোচৰ তৰিছে আনজন সাংবাদিক নজৰুল ইছলামৰ বিৰুদ্ধে।

তুলসী মান্তাই দাখিল কৰা এজাহাৰ


তুলসী মান্তাৰ অভিযোগ, ভিডিও বিকৃতকৰণ নজৰুল ইছলামৰ নিৰ্দেশতে কৰা হৈছিল।  তুলসী মান্তাই আইমী বৰুৱাৰ ভাষণৰ আনকাট ভিডিও প্ৰেৰণ কৰিছিল নজৰুল ইছলামলৈ। কিন্তু নজৰুল ইছলামে ভিডিওটো এডিট কৰি বিকৃত ৰূপত উপস্তাপন কৰে।

তুলসী মান্তাই দাখিল কৰা এজাহাৰ


অভিযোগ পত্ৰত তুলসী মান্তাই উল্লেখ কৰা মতে,  ভিডিওটো সম্পৰ্ণকৈ নহাত তেওঁ হতভম্ব হৈ পৰিছিল। আৰু এই সন্দৰ্ভত এতিয়া তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।
Published by: Himangshu Bhuyan
First published: April 5, 2021, 4:05 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি