உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • মৰিগাঁৱত মন্ত্ৰীৰ ধমকত কমিল বানত বুৰ যোৱা বিদ্যালয়ৰ সংখ্যা। জানক সবিশেষ

    মৰিগাঁৱত মন্ত্ৰীৰ ধমকত কমিল বানত বুৰ যোৱা বিদ্যালয়ৰ সংখ্যা। জানক সবিশেষ

    অসম চৰকাৰৰ জলসম্পদ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাৰ ধমকৰ পিছতে ১৫৭ ৰ পৰা ৯১ খনলৈ হ্ৰাস পালে মৰিগাঁও জিলাৰ বানত আক্ৰান্ত বিদ্যালয়ৰ সংখ্যা ৷

    • Share this:
    ৰাজ্যত এতিয়া বানৰ তাণ্ডৱ। বানত বিধ্বস্ত আৰু অধিক ক্ষতিগ্ৰস্ত জিলাসমূহত সেয়ে বাতিল কৰা হৈছে গুণোৎসৱৰ। মৰিগাঁও জিলাতো মায়ং, লাহৰিঘাট, কপিলী আৰু ভূৰবন্ধা শিক্ষাখণ্ডৰ মুঠ ১৫৭ খন বিদ্যালয় বানত আক্ৰান্ত হোৱাৰ বাবেই বিদ্যালয় কেইখনত দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱ বাতিল কৰিছিল জিলা শিক্ষা বিষয়াই ৷ কিন্তু এই কথা জানিব পাৰি খঙত জাঙুৰ খাই উঠে মন্ত্ৰী পীযুষ হাজৰিকা।

    দেওবাৰে জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াক কাষত বহুৱাই জিলা প্ৰাথমিক শিক্ষা বিষয়াক ধমক দিলে মন্ত্ৰী পীযুষ হাজৰিকাই ৷ মৰিগাঁও জিলাত বানপানীৰ কবলত নপৰা বিদ্যালয়সমূহক তালিকাভুক্ত কৰাৰ বাবেই খং উঠিল মন্ত্ৰীৰ ৷

    ইফালে মন্ত্ৰী পীয়ুষ হাজৰিকাৰ ধমকৰ পিছতে তাৎক্ষণিকভাৱে সলনি হ’ল মৰিগাঁও জিলাৰ বানাক্ৰান্ত বিদ্যালয়ৰ তালিকাখন ৷ এইবাৰ জিলা শিক্ষা বিষয়াই ৯১খন বানাক্ৰান্ত বিদ্যালয়ৰ নতুন তালিকা প্ৰকাশ কৰে ৷

    দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সময়ত বানত বুৰ যোৱা বিদ্যালসমূহত গুণোৎসৱ সাময়িকভাৱে বাতিল কৰা হৈছিল আৰু তাৰেই সুবিধা লৈছেিল মৰিগাওঁ জিলাৰ শিক্ষা খণ্ডই।
    Published by:Manjumoni Borah
    First published: