মুখ্যপৃষ্ঠা » খবৰ

» অসম

»‘অখিল গগৈ ডাঙৰ মানুহ, অখিল গগৈৰ হাত দীঘল, কাৰোবাক ফিটিং দি দিঘলীয়া সময় মেডিকেলত আছিল’ – ক’লে পীযুষ হাজৰিকাই

‘অখিল গগৈ ডাঙৰ মানুহ, অখিল গগৈৰ হাত দীঘল, কাৰোবাক ফিটিং দি দিঘলীয়া সময় মেডিকেলত আছিল’ – ক’লে পীযুষ হাজৰিকাই

News18 Assam | News18-Assam
Updated:July 2, 2021, 6:12 PM IST
‘অখিল গগৈ ডাঙৰ মানুহ, অখিল গগৈৰ হাত দীঘল, কাৰোবাক ফিটিং দি দিঘলীয়া সময় মেডিকেলত আছিল’ – ক’লে পীযুষ হাজৰিকাই
কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে জে’লত নাছিল, তেওঁ দৰাচলতে মেডিকেলৰ কেবিনত আছিল বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে জে’লত নাছিল, তেওঁ দৰাচলতে মেডিকেলৰ কেবিনত আছিল বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই।

  • Share this:
"শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈ ডাঙৰ মানুহ, অখিল গগৈৰ হাত দীঘল, অখিল গগৈয়ে কাৰোবাক ফিটিং দি দিঘলীয়া সময় মেডিকেলত আছিল" – এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াইছে জলসম্পদ আৰু জনসংযোগ মন্ত্ৰী পীযুষ হাজৰিকাই।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে জে’লত নাছিল, তেওঁ দৰাচলতে মেডিকেলৰ কেবিনত আছিল বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই। পীযুষ হাজৰিকাৰ মতে, মেডিকেলৰ চিকিৎসকেও অখিল গগৈক ভয় খাই। পূৰ্বৰ কৃষক নেতা তথা বৰ্তমানৰ বিধায়ক অখিল গগৈৰ বহুত শক্তি আছে, সেয়ে তেওঁ জে’লৰ পৰিৱৰ্তে দীৰ্ঘদিন গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেবিনত আছিল। কাৰাগাৰৰ পৰা মুক্ত হৈ মুকলি আকাশৰ তললৈ অহা বিধায়ক অখিল গগৈক এনদৰেই সমালোচনা কৰে পীযুষ হাজৰিকাই।

সিমানতে ক্ষান্ত নাথাকি অন্য বিভিন্ন অভিযোগেৰে অখিল গগৈক সমালোচনা কৰে পীযুষ হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে মেডিকেলৰ পৰা মুক্তি পালে মিডিয়া কভাৰেজ লাগে নেকি? অখিলে যে পাব্লিচিটিৰ বাবে আচৰিত ধৰণৰ ব্যৱহাৰ কৰিছে। অখিল অসমৰ অমিতাভ বচ্চন নে শ্বাহৰুখ খান বুলি প্ৰশ্ন কৰি পীযুষ হাজৰিকাই কয়, ‘‘বিজেপি চৰকাৰক তেওঁলোকে পতন ঘটাব নোৱাৰে। বিগত তিনিটা নিৰ্বাচনত ৰহা আৰু জাগীৰোডত মোক পৰাস্ত কৰিবলৈ আপ্ৰাণ চেষ্টা চলোৱা অখিল গগৈয়ে প্ৰতিবাৰেই মুখথেকেচা খাইছিল।"

লগতে পীযুষ হাজৰিকাই কয় যে বিধায়ক অখিল গগৈৰ গৃহ সমষ্টি মৰিয়নীৰ আগন্তুক উপ–নিৰ্বাচনতো বিজেপিয়ে জয় লাভ কৰিব। তাৰোপৰি অসম বিধানসভা নিৰ্বাচনৰ ২ মে’ৰ ফলাফলৰ এদিন পিছতে অখিল বাহিনীয়ে দিছপুৰৰ আৱাসগৃহ কিয় দখল কৰিছিল আৰু তেতিয়া সংবাদ মাধ্যমে কিয় প্ৰশ্ন কৰা নাছিল বুলি কয় মন্ত্ৰী পীযুষ হাজৰিকাই। এই সমগ্ৰ অভিযোগৰ প্ৰত্যুত্তৰত অখিল গগৈয়ে কয় পীযুষ হাজৰিকা কোন? পীযুষ হাজৰিকাৰ প্ৰশ্নৰ উত্তৰ মই দিয়া উচিত নহ’ব বুলি মন্ত্ৰীগৰাকীক কটাক্ষ কৰে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে।
Published by: Sanjay Kumar Das
First published: July 2, 2021, 6:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি