চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ ৷ চতিয়া, বিশ্বনাথ চাৰিআলি আদি অঞ্চলৰ লোকেল চুলাই মদৰ ঘাটি থকা অঞ্চল সমূহত বৃদ্ধি পাইছে কোভিডৰ সংক্ৰমণ ৷ শুকুৰবাৰে বিশ্বনাথৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত কোভিড পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে মন্ত্ৰী পিয়ুষ হাজৰিকাই ৷
মন্ত্ৰীগৰাকীয়ে তিনি দিনৰ ভিতৰত বিশ্বনাথ জিলাৰ সকলো চুলাই মদৰ ঘাটি উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিছে ৷ মন্ত্ৰী গৰাকীয়ে লগতে বিশ্বনাথ জিলাৰ কোভিড সংক্ৰমনৰ হাৰ ২.৫০তকৈও অধিক হোৱাৰ বাবে সকলোকে বিনা কাৰণত ঘৰৰ পৰা ওলাই নাহিবলৈ আহ্বান জনায় ৷
বিশ্বনাথ চাৰিআলিত উপস্থিত হৈ মন্ত্ৰীগৰাৰীয়ে ঔষধৰ দোকানৰ সন্মুখত অস্বাভাৱিক হাৰত মানুহৰ সংখ্যা বৃদ্ধি পোৱা দেখি উদ্বেগ প্ৰকাশ কৰে ৷ সামান্য বস্তু এটা বিচাৰি ঘৰৰ পৰা ওলাই অহা পৰম্পৰা বন্ধ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনাই জনতাক ৷ সেইদৰে সাংবাদিক সকলকো অতি প্ৰয়োজনীয় কামতহে ঘৰৰ বাহিৰলৈ ওলাবলৈ মন্ত্ৰী গৰাকীয়ে পৰামৰ্শ দিয়ে।