কয়লা চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক'লা হৈ গ'ল, অসমীয়া মানুহৰ ভোটেৰে প্ৰদ্যুৎ বৰদলৈ সাংসদ হোৱা নাই - পীযূষ হাজৰিকা

News18 Assam | News18-Assam
Updated:December 17, 2020, 1:57 PM IST
কয়লা চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক'লা হৈ গ'ল, অসমীয়া মানুহৰ ভোটেৰে প্ৰদ্যুৎ বৰদলৈ সাংসদ হোৱা নাই - পীযূষ হাজৰিকা
ৰিপুণ বৰাই পীযূষ হাজৰিকাক কৰা সমালোচনাৰ সন্দৰ্ভত পীযূষ হাজৰিকাই কয়,"ৰিপুণ বৰাই অৰ্কেষ্ট্ৰা পাৰ্টী চলাইছে।"

ৰিপুণ বৰাই পীযূষ হাজৰিকাক কৰা সমালোচনাৰ সন্দৰ্ভত পীযূষ হাজৰিকাই কয়,"ৰিপুণ বৰাই অৰ্কেষ্ট্ৰা পাৰ্টী চলাইছে।"

  • Share this:
"তিনিচুকীয়া, মাৰ্ঘেৰিটাত কয়লা চলাই চলাই প্ৰদ্যুৎ বৰদলৈৰ মনটোও ক'লা হৈ গ'ল। সেয়ে তেওঁ নগাঁৱৰ মানুহৰ ভোট মদ-মাংসৰে কিনিব পাৰি বুলি ভাবিছে। প্ৰদ্যুৎ বৰদলৈ খিলঞ্জীয়া অসমীয়া মানুহৰ ভোটৰে সাংসদ হোৱা নাই। তেওঁক তিৱা মানুহে ভোট দিয়া নাছিল। সেয়ে তেওঁ নগাঁৱৰ মানুহক অপমান কৰিছে।" – আহতগুৰিত এই মন্তব্য ৰাজ্যিক মন্ত্ৰী পীযূষ হাজৰিকাৰ। তিৱা নিৰ্বাচনত বিজেপিয়ে গুণ্ডাৰাজ চলোৱাৰ বিষয়ে নগাঁৱৰ সাংসদ তথা কংগ্ৰেছ নেতা প্ৰদ্যুৎ বৰদলৈয়ে কৰা অভিযোগৰ প্ৰত্যুত্তৰত মন্ত্ৰী পীযূষ হাজৰিকাই এই মন্তব্য কৰে।

আনহাতে, ৰিপুণ বৰাই পীযূষ হাজৰিকাক কৰা সমালোচনাৰ সন্দৰ্ভত পীযূষ হাজৰিকাই কয়,"ৰিপুণ বৰাই অৰ্কেষ্ট্ৰা পাৰ্টী চলাইছে।" পীযূষ হাজৰিকাই কয়," আমি কংগ্ৰেছ কৰোতে কংগ্ৰেছ দল আছিল, কিন্তু ৰিপুণ বৰাই কংগ্ৰেছক অৰ্কেষ্ট্ৰা পাৰ্টী কৰি দিলে।"

এইবাৰ তিৱা নিৰ্বাচনত বিজেপিৰ আসন পূৰ্বৰ ৩খনৰ পৰা ৩০খন হ'ব বুলি মন্তব্য কৰি পীযূষ হাজৰিকাই কয়, "বিজেপিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৩৪খন আসনৰ ভিতৰত ৩০খনত আমাৰ জয় নিশ্চিত।"
Published by: Sanjay Kumar Das
First published: December 17, 2020, 1:50 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি