‘অজিত দাক সন্মান কৰো কিন্তু বেয়া লাগে, তেওঁৰ দলে এখনো আসন নাপায়’ – ক’লে পীযূষ হাজৰিকাই

‘কংগ্ৰেছ-এআইইউডিএফৰ মহাজোট বন্ধন নহয়, মহাযঁটবন্ধনহে’
‘কংগ্ৰেছ-এআইইউডিএফৰ মহাজোট বন্ধন নহয়, মহাযঁটবন্ধনহে’
- News18 Assam
- Last Updated: January 20, 2021, 7:37 PM IST
আনহাতে, মহাযঁটত অজিত ভূঞাৰ দলৰ সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত কয়, " অজিত ভূঞাক মই সন্মান কৰো, কিন্তু বেয়া লাগে, তেওঁৰ দলটোৱে অনাগত নিৰ্বাচনত এখনো আসন নাপায়।"
ইপিনে, অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈকো তীব্ৰ কটাক্ষ কৰি পীযূষ হাজৰিকাই কয়, "লুৰিণজ্যোতি গগৈ ডাঙৰীয়াই এইকেইদিনত ক'ত সভা পাতিছে সেয়া চালেই অসমৰ মানুহে সকলো বুজি পাব। ৰহাৰ তেওঁ সভা পাতিবলৈ কঁচুৱাৰ বাহিৰে বেলেগ ঠাই নাপালে। কঁচুৱা সংখ্যালঘূ জনবসতিপ্ৰধান হোৱাৰ বাবেই অজাপই সভা পাতিলে।"