• Home
  • »
  • News
  • »
  • assam
  • »
  • গাহৰি ভগৱান বিষ্ণুৰ অৱতাৰ, গতিকে গাহৰিও নিষিদ্ধ কৰাৰ দাবী সাংসদ আব্দুল খালেকৰ

গাহৰি ভগৱান বিষ্ণুৰ অৱতাৰ, গতিকে গাহৰিও নিষিদ্ধ কৰাৰ দাবী সাংসদ আব্দুল খালেকৰ

ঈদক লৈ চৰকাৰে প্ৰথম দিনাই এই বিধেয়ক অনা বুলি দাবী সাংসদগৰাকীৰ ৷

ঈদক লৈ চৰকাৰে প্ৰথম দিনাই এই বিধেয়ক অনা বুলি দাবী সাংসদগৰাকীৰ ৷

ঈদক লৈ চৰকাৰে প্ৰথম দিনাই এই বিধেয়ক অনা বুলি দাবী সাংসদগৰাকীৰ ৷

  • Share this:

বুধবাৰে পশুধন সুৰক্ষা বিধেয়কক লৈ সংবাদ মেল সম্বোধন কৰিছিল কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ৷ সংবাদ মেলত খালেকে এই বিধেয়ক সম্পৰ্কে কয় যে বাজেট অধিৱেশনৰ প্ৰথম দিনা বিধায়কখন উত্থাপন নকৰাকৈ থাকিব পাৰিলেহেঁতেন বিজেপিয়ে ৷ কিন্তু সন্মুখত ইছলাম ধৰ্মী লোকৰ ঈদ ৷ ঈদক লৈ চৰকাৰে প্ৰথম দিনাই এই বিধেয়ক অনা বুলি দাবী সাংসদগৰাকীৰ ৷ বিধেয়কখনত পশু বিক্ৰী আৰু পশু পৰিবহণ এই দুই বিষয় আছে ৷ ইয়াৰে পৰিবহণ ব্যৱস্থাৰ জৰিয়তে চৰকাৰখনে ভৱিষ্যতৰ দিনত বৃহৎ ছিণ্ডিকেট গঢ়াৰ আশংকা প্ৰকাশ কৰে খালেকে ৷


RSS, BJPৰ এজেণ্ডা অনুসৰি গো হত্যা বন্ধ কৰিব লাগে ভাৰতত ৷ কিন্তু এই বিধেয়কত এয়া নাই, বিপৰীতে মাছ নহয় জিজি কৰাৰ লক্ষ্য চৰকাৰৰ ৷ যেনেকৈ ধৰ্মীয় স্থানৰ অন্তৰ্গত ৫ বৰ্গকিলোমিটাৰ এলেকাত বিক্ৰী নহ'ব গো-মাংস ৷ সাংসদগৰাকীৰ দাবী গো হত্যা বন্ধ কৰিব বিচাৰিলে আমাৰ একো ক'ব লগা নাই ৷ ধৰ্মীয় স্থানৰ পৰা ১ বৰ্গকিলোমিটাৰলৈ গো বিক্ৰী নকৰিলে আমাৰ কোনো আপত্তি নাই ৷ কিন্তু বিপৰীতে ৫ বৰ্গ কিলোমিটাৰত বন্ধ হ'লে অৰ্থনীতিৰ লগতে অন্যান্য সকলো ক্ষেত্ৰত প্ৰভাৱ পৰিব বুলি দাবী খালেকৰ ৷


এইক্ষেত্ৰত ৰাজ্যত মদ নিষিদ্ধৰ বাবে বিল অনাৰ দাবী সংসদগৰাকীৰ ৷ সাংসদ খালেকে কয় যে বিষ্ণুৰ অৱতাৰ মাছ, গাহৰি ৷ যদি হিন্দু ধৰ্মৰ বাবে গো হত্যা কৰিব নোৱাৰি, তেন্তে মাছ আৰু গাহৰিও বিষ্ণুৰ অৱতাৰ। কিন্তু ইয়াক কিয় হত্যা কৰা হয় ? এইক্ষেত্ৰত গাহৰি হত্যা বন্ধ কৰাৰ দাবী সাংসদগৰাকীৰ ৷ খালেকৰ মতে, চৰকাৰখনে সাম্প্ৰদায়িকতাৰ বীজ ৰোপণ কৰিছে ৷ তেওঁ এনে আচৰণ বন্ধ কৰাৰ দাবী জনায় ৰাজ্যৰ মুখ্যমন্ত্ৰীক ৷

Published by:Gautam Barman
First published: