• Home
  • »
  • News
  • »
  • assam
  • »
  • বোকাখাতত গাহৰিৰ দেহত ধৰা পৰিল আফ্ৰিকান ছোৱাইন ফিভাৰ, গাহৰি কিনা–বেচাত নিষেধাজ্ঞা

বোকাখাতত গাহৰিৰ দেহত ধৰা পৰিল আফ্ৰিকান ছোৱাইন ফিভাৰ, গাহৰি কিনা–বেচাত নিষেধাজ্ঞা

মহকুমাধিপতি বিবেক শ্যামে মৃত গাহৰিৰ সংখ্যা অধিক হোৱা ১নং বহিখোৱাৰ ১কিঃমিঃ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰিছে৷

মহকুমাধিপতি বিবেক শ্যামে মৃত গাহৰিৰ সংখ্যা অধিক হোৱা ১নং বহিখোৱাৰ ১কিঃমিঃ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰিছে৷

মহকুমাধিপতি বিবেক শ্যামে মৃত গাহৰিৰ সংখ্যা অধিক হোৱা ১নং বহিখোৱাৰ ১কিঃমিঃ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰিছে৷

  • Share this:
বোকাখাতৰ ১ নং বহিখোৱাত গাহৰিৰ শৰীৰত ছোৱাইন ফিভাৰ ধৰা পৰিছে৷ উক্ত অঞ্চলকে ধৰি মহকুমাটোৰ ভিন্ন প্ৰান্তত গাহৰিৰ অৱাধ মৃত্যু হৈ থকাৰ পিছত বোকাখাত মহকুমা  পশুপালন বিভাগে মৃত গাহৰিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল৷ আজি অহা ফলাফলত গাহৰিৰ দেহত আফ্ৰিকান ছোৱাইন ফিভাৰৰ অৱস্থিতি ধৰা পৰে। ইয়াৰ পিছতে তৎপৰ হৈ পৰিছে বোকাখাতৰ মহকুমা প্ৰশাসন৷

মহকুমাধিপতি বিবেক শ্যামে মৃত গাহৰিৰ সংখ্যা অধিক হোৱা ১নং বহিখোৱাৰ ১কিঃমিঃ ব্যাসাৰ্ধত ১৪৪ ধাৰা জাৰি কৰিছে৷ উক্ত অঞ্চলত গাহৰিৰ ক্ৰয়- বিক্ৰয় সম্পূৰ্ণ  নিষেধ কৰাৰ লগতে মহকুমাটোত মুকলি ঠাইত গাহৰিৰ বিচৰণ, গাহৰি কটা সম্পূৰ্ণ ৰূপে নিষেধ কৰা হৈছে। মুকলি ঠাইত বা নদীত মৃত গাহৰি পেলাব নোৱাৰিব বুলিও সতৰ্ক কৰি দিছে প্ৰশাসনে৷

বানাক্ৰান্ত মহকুমাটোৰ বিভিন্ন প্ৰান্তত ওখ ঠাইৰ অভাৱত গাহৰি পালকে মৃত গাহৰি নদীত উটুৱাই দিয়াৰ বাতৰি NEWS18ত সৱিস্তাৰে প্ৰকাশ পাইছিল৷ এনে কাৰ্যই কাজিৰঙাৰ বন্য গাহৰিৰ প্ৰতিও ভাবুকি কঢ়িয়াই আনিব বুলি আশংকা কৰা হৈছে৷ আনহাতে, ৰাজ্যৰ পশুপালন মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতে গাহৰিৰ ঘাতক ৰূপে চিহ্নিত আফ্ৰিকান ছোৱাইন ফিভাৰ কেনেকৈ নিয়ন্ত্ৰণ কৰিব সেয়া পশু চিকিৎসা বিভাগৰ বাবে বৃহৎ প্ৰশ্ন হৈ পৰিছে।
Published by:Sanjay Kumar Das
First published: