পশুপালন মন্ত্ৰীৰ সমষ্টিত জাকে জাকে গাহৰিৰ মৃত্যু, মূৰে–কপালে হাত দিছে গাহৰি পালকে

দীৰ্ঘদিন ধৰি গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পিছতো চিকিৎসাতো বাদেই দিহা–পৰামৰ্শ দিবলৈকো উপস্থিত ন’হল পশু চিকিৎসা বিভাগৰ লোক৷
দীৰ্ঘদিন ধৰি গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পিছতো চিকিৎসাতো বাদেই দিহা–পৰামৰ্শ দিবলৈকো উপস্থিত ন’হল পশু চিকিৎসা বিভাগৰ লোক৷
- News18 Assam
- Last Updated: September 25, 2020, 9:44 AM IST
গাহৰি পালকৰ অভিযোগ, দীৰ্ঘদিন ধৰি গাহৰিৰ অস্বাভাৱিক মৃত্যু হোৱাৰ পিছতো চিকিৎসাতো বাদেই দিহা–পৰামৰ্শ দিবলৈকো উপস্থিত ন’হল পশু চিকিৎসা বিভাগৰ লোক৷ আনহাতে, চৰকাৰে স্বোৱাইন ফিভাৰত আক্ৰান্ত গাহৰিক মাৰি পেলাবলৈ নিৰ্দেশ আৰু ক্ষতিপূৰণ দিয়াৰ আশ্বাস সন্দৰ্ভত ভুক্তভোগী গাহৰি পালকৰ মন্তব্য, ইতিমধ্যে মৃত্যু হোৱা গাহৰিৰ হিচাব ল’বলৈকে চৰকাৰী লোক আহি উপস্থিত ন’হল৷ এতিয়া ক্ষতি পূৰণ দিবলৈ মাৰি পেলোৱা গাহৰিৰ হিচাব চৰকাৰে কেনেকৈ পাব?
ইফালে, খোদ পশুপালন মন্ত্ৰী অতুল বৰাৰ সমষ্টিতে গাহৰি পালকৰ এই অৱস্থা যেতিয়া ৰাজ্যৰ আন প্ৰান্তত পশুপালকৰ কি অৱস্থা হব পাৰে ইয়াকে লৈ চৰ্চা হৈছে সচেতন মহলত।