নাজিৰাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক, বিমোৰত পৰিছে গাহৰি পালক, সপ্তাহটোত মৃত্যু ৫৩টাকৈ গাহৰিৰ

News18 Assam | News18-Assam
Updated:July 19, 2021, 7:39 PM IST
নাজিৰাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক, বিমোৰত পৰিছে গাহৰি পালক, সপ্তাহটোত মৃত্যু ৫৩টাকৈ গাহৰিৰ
শিমলুগুৰিৰ ইন্দ্ৰজিত বৰগোঁহাই নামৰ শিক্ষিত যুৱকজনে গাঠিৰ ধন ভাঙি পালন কৰিছিল গাহৰি।

শিমলুগুৰিৰ ইন্দ্ৰজিত বৰগোঁহাই নামৰ শিক্ষিত যুৱকজনে গাঠিৰ ধন ভাঙি পালন কৰিছিল গাহৰি।

  • Share this:
কোভিডৰ দ্বিতীয় ঢৌত স্তদ্ধপ্ৰায় হৈ পৰিছে জনজীৱন। জীৱিকাৰ সন্ধানত বহুতে বাচি লৈছে আত্ম সংস্থাপনৰ পথ৷ কোনোৱে যদি পালন কৰিছে গাহৰি, কোনোৱে আকৌ মৎস্য পালন৷ মুঠৰ ওপৰত আংশিক লক ডাউনৰ সময়ত বহি নাথাকি ব্যস্ত হৈ পৰিছে বিভিন্ন কৰ্মত। কিন্তু গাহৰি পালন কৰি পৰিয়াল পোহপাল দি থকা এজন গাহৰি পালকে এতিয়া মূৰে–কপালে হাত দিব লগা হৈছে৷ ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ গাহৰি পালকজনৰ ফাৰ্মৰ ৫৩টা গাহৰি মৃত্যু হৈছে। গাহৰি পালকজনৰ ফাৰ্মত ৫৩টা গাহৰিৰ মৃত্যু হোৱাত এতিয়া হাহাকাৰ অৱস্থা হৈছে গাহৰি পালকজনৰ।

শিমলুগুৰিৰ ইন্দ্ৰজিত বৰগোঁহাই নামৰ শিক্ষিত যুৱকজনে গাঠিৰ ধন ভাঙি পালন কৰিছিল গাহৰি। আৰ্থিকভাৱে নিজে স্বচ্ছল হোৱাৰ লগতে পৰিয়াল পোহ-পাল দি আহিছিল। কিন্তু ফাৰ্মখনৰ ৫৩টাকৈ গাহৰি ছোৱাইন ফিভাৰত মৃত্যু হোৱাত সমস্যাত পৰিছে শিক্ষিত যুৱকজন। সোমবাৰে শিৱসাগৰ জিলাৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ এটা ছয়জনীয়া দলে গাহৰি পালকজনৰ বাসগৃহত  উপস্থিত হৈ বাকী জীয়াই থকা গাহৰিকেইটাৰ স্বাস্থ্য পৰীক্ষা কৰাৰ অন্তত ছোৱাইন ফিভাৰত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিয়ে।

চিকিৎসৰ দলটোৱে গাহৰিৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে মৃত গাহৰিৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰে। আনহাতে শিক্ষিত যুৱকজনৰ প্ৰায় লক্ষাধিক ধনৰ লোকচান হৈছে বুলি জানিবলৈ দিয়ে সংবাদমাধ্যমৰ আগত৷
Published by: Sanjay Kumar Das
First published: July 19, 2021, 7:39 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি