News18 AssamNews18 Assam
|
News18-Assam Updated:April 26, 2020, 3:57 PM IST
এই কথা স্পষ্ট কৰি দিলে পশুপালন বিভাগে
এই কথা স্পষ্ট কৰি দিলে পশুপালন বিভাগে
উজনি অসমৰ ছখন জিলাতহে নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ বেচা-কিনা। এই কথা স্পষ্ট কৰি দিলে পশুপালন বিভাগে। প্ৰভাৱিত ছখন জিলা ক্ৰমে ধেমাজি, ডিব্ৰুগড়, শিৱসাগৰ, লখিমপুৰ, বিশ্বনাথ আৰু যোৰহাটতহে নিষিদ্ধ কৰা হৈছে গাহৰি মাংসৰ বিক্ৰী।
জিলা কেইখনত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইতিমধ্যে গাহৰিৰ চেম্পল পৰীক্ষাৰ বাবে ভূপাললৈ প্ৰেৰণ কৰিছে ৰাজ্য চৰকাৰে।

উল্লেখযোগ্য যে, মৃত্যু হোৱা গাহৰি ছয় ফুট দ-গাতত পুতিবলৈ দিয়া হৈছে নিৰ্দেশনা। লগতে গাহৰিৰ দেহত জ্বৰ অথবা অন্যান্য অস্বাভাৱিক লক্ষণে দেখা দিলে স্থানীয় প্ৰশাসন অথবা পশু চিকিত্সা কেন্দ্ৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে।