অসমত নতুনকৈ কোনো জিলা অন্তৰ্ভুক্ত হোৱা নাই ৰেড জ’নত

News18 Assam | News18-Assam
Updated:May 11, 2020, 9:28 PM IST
অসমত নতুনকৈ কোনো জিলা অন্তৰ্ভুক্ত হোৱা নাই ৰেড জ’নত
ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে দিলে স্পষ্টীকৰণ

ৰাজ্য চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগে দিলে স্পষ্টীকৰণ

  • Share this:
নতুনকৈ ৰাজ্যৰ কোনো জিলা অন্তু্ভুক্ত হোৱা নাই ৰেড জ’ন অথবা অৰেঞ্জ জ’নত।অৱশেষত ৰাজ্য চৰকাৰৰ জনসংযোগ বিভাগে দিলে স্পষ্টীকৰণ। আনকি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ দৰে গুৱাহাটী ৰেড জ’নত অন্তৰ্ভুক্তিকৰণৰ তথ্য মুখ্য সচিবে দিয়া বুলি প্ৰচাৰ কৰা খবৰো নসাত্‍ কৰে জনসংযোগ বিভাগে।

উল্লেখযোগ্য যে, গুৱাহাটী মহানগৰীকে ধৰি  যোৰহাট, বঙাইগাওঁ, কাছাৰ, গোৱালপাৰা, কৰিমগঞ্জ, কোকৰাঝাৰ জিলা ৰেড জ’নত অন্তৰ্ভুক্ত হ’ল বুলি খবৰ প্ৰকাশ পাইছিল বিভিন্ন সংবাদ মাধ্যমত। কিন্তু এই খবৰ এতিয়া অস্বীকাৰ কৰিছে ৰাজ্য চৰকাৰে।

First published: May 11, 2020, 9:28 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি