অসমীয়া ভিচিডিৰ জৰিয়তে সকলোকে হঁহুৱাই ভাল পোৱা টিংটং আজি অসহায়৷ কেইবছৰমান পূৰ্বে এক জটিল ৰোগত আক্ৰান্ত হৈ সম্প্ৰতি WHEEL CHAIR ত বহিয়ে দিন কটাবলগীয়া হৈছে টিংটঙে ৷ মন্ত্ৰী কিম্বা স্বাস্থ্য বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে গৈ সহায়ৰ হাত বিচাৰি সম্প্ৰতি ভাগৰি পৰিছে টিংটং (Assamese VCD Actor Protest) ৷
ইতিমধ্যে news18 য়েও বহুবাৰ টিংটঙৰ এই দুৰ্বিসহ জীৱনৰ বাতৰি বহুবাৰ সম্প্ৰচাৰিত কৰিছোঁ যদিও ব্যক্তিগতভাৱে দুই এজনে সহায়ৰ হাত আগবঢালেও চৰকাৰীভাৱে কোনোধৰণৰ সঁহাৰি পোৱা নাই বুলি অভিযোগ টিংটঙৰ ৷ সেয়ে সোমবাৰে পুৱা জনতা ভৱনৰ সন্মুনত চৰকাৰী পক্ষৰ বঞ্চনাৰ বিৰুদ্ধে WHEEL CHAIR ত বহিয়ে প্ৰতিবাদ কৰিলে টিংটঙে ৷
টিংটঙৰ মতে বহুবাৰ চৰকাৰী পক্ষক অনুৰোধ জনোৱাৰ পিছতো কোনোধৰণৰ সঁহাৰি নাপালে চৰকাৰী পক্ষৰ পৰা ৷ সেয়ে সোমবাৰে জনতা ভৱনৰ (Janata Bhawan) সন্মুখত বহি মুখ্যমন্ত্ৰীলৈ সহায়ৰ বাবে জনালে অনুৰোধ ৷ টিংটঙৰ বিশ্বাস সকলোকে বিপদত সহায় কৰা মুখ্যমন্ত্ৰীয়ে তেওঁ কৰা অনুৰোধৰ প্ৰতি জনাব সঁহাৰি ৷ মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) এতিয়া তেওঁৰ বাবে হৈ পৰিছে শেষ ভৰষা ৷
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|