உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Viral Photos : সমগ্ৰ বিশ্বত ভাইৰেল হৈছে অসমৰ এই দুই কণমানিৰ ফটো, ভাল কামো হয় ভাইৰেল, জানক দুই কণমানিৰ সবিশেষ

    Viral Photos : সমগ্ৰ বিশ্বত ভাইৰেল হৈছে অসমৰ এই দুই কণমানিৰ ফটো, ভাল কামো হয় ভাইৰেল, জানক দুই কণমানিৰ সবিশেষ

    এখন ফটোৱে বিখ্যাত কৰি তুলিছে দুই শিশুক ৷ কেৱল অসম বা ভাৰততে নহয় বিভিন্ন ৰাষ্ট্ৰত চেনেহ আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে ব্যৱহৃত হৈছে দুই শিশুৰ ফটো ৷  নিউজ ১৮ অসমৰ সাংবাদিকে বিচাৰি উলিয়াইছে এই দুই শিশুক ৷ 

    এখন ফটোৱে বিখ্যাত কৰি তুলিছে দুই শিশুক ৷ কেৱল অসম বা ভাৰততে নহয় বিভিন্ন ৰাষ্ট্ৰত চেনেহ আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে ব্যৱহৃত হৈছে দুই শিশুৰ ফটো ৷ নিউজ ১৮ অসমৰ সাংবাদিকে বিচাৰি উলিয়াইছে এই দুই শিশুক ৷ 

    এখন ফটোৱে বিখ্যাত কৰি তুলিছে দুই শিশুক ৷ কেৱল অসম বা ভাৰততে নহয় বিভিন্ন ৰাষ্ট্ৰত চেনেহ আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে ব্যৱহৃত হৈছে দুই শিশুৰ ফটো ৷ নিউজ ১৮ অসমৰ সাংবাদিকে বিচাৰি উলিয়াইছে এই দুই শিশুক ৷ 

    • Share this:
    এখন ফটোৱে বিখ্যাত কৰি তুলিছে দুই অখ্যাত শিশুক ৷ চেনেহ আৰু ভাতৃত্ববোধ তথা সম্প্ৰীতিৰ প্ৰতীক (Communal Harmony Photo)হৈ পৰিছে এই দুই শিশুৱে উঠা ফটো ৷ নিউজ ১৮ অসমৰ সাংবাদিকে বিচাৰি উলিয়াইছে আন্তৰাষ্ট্ৰীয় পৰ্যায়ত জনপ্ৰিয়  ফটোৰ আঁৰত থকা এই দুই শিশুক ৷

    এই শিশু দুটি হৈছে চিৰাঙৰ বিজনীৰ দুই কণমানি এডউইন সূত্ৰধৰ (Edwin Sutradhar) আৰু ৰিটিচ পোদ্দাৰ (Ritesh Poddar) ৷ প্ৰায় তিনি বছৰ পূৰ্বে দুই শিশুৱে বঙাইগাঁৱৰ বীৰঝৰা চাহ বাগিছাত উঠিছিল এখন ফটো ৷ হোলীৰ সময়ত উঠা এই ফটোখনত এডউইনে কৃষ্ণৰ বেশ ধাৰণ কৰাৰ লগতে ৰিটিচে মুছলমান সম্প্ৰদায়ৰ পৰম্পৰাগত সাজপাৰ পৰিধান কৰি এই বিশেষ ফটোখন উঠিছিল ৷  চেনেহ, ভাতৃত্ববোধ আৰু সম্প্ৰদায়িক মিলনৰ নিদৰ্শন এই ফটোখন সামাজিক মাধ্যমত এৰি দিয়াৰ পিছতে ক্ৰমাত জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰে ৷ অসমৰ লগতে বিভিন্ন ৰাজ্যত এই দুই শিশুৰ ফটো জনপ্ৰিয় হৈ পৰাত বিভিন্ন সময়ত এই ফটোখনক  সম্প্ৰীতিৰ নিদৰ্শন হিচাপে দল-সংগঠনে বেনাৰ-পোষ্টাৰ আদিত ব্যৱহৃত কৰিছে ৷

    অসম , পশ্চিম বংগকে ধৰি বিভিন্ন ৰাজ্যৰ ৰাজনৈতিক নেতাই এই ফটোখন সম্বনয়ৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰাৰ লগতে কংগ্ৰেছৰ নেতা তথা সংসদৰ বিৰোধী দলপতি ৰাহুল গান্ধী (Rahul Gandhi)য়েও নিজৰ টুইটাৰ একাউণ্টত ফটোখন পোষ্ট কৰিছে  ৷ দেশৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ফটোখন স্থান দখল কৰাৰ লগতে চুবুৰীয়া দেশসমুহতো এই দুই শিশুৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে  ৷ শেহতীয়াভাৱে বাংলাদেশত সংখ্যালঘু হিন্দু সকলৰ ওপৰত চলা আক্ৰমণৰ বিৰোধ কৰি আৱামী লীগে উলিওৱা বিশাল সমদলত শিশু দুটিৰ ফটো প্লেকাৰ্ড আৰু পোষ্টাৰসমুহত ব্যৱহাৰ কৰি হিন্দু-মুছলমানৰ মাজত সম্প্ৰীতি (Hindu-Muslim Unity)ৰ আহ্বান জনোৱা পৰিলক্ষিত হয় ৷ নিজৰ ফটোখন এইদৰে জনপ্ৰিয় হৈ উঠাৰ কথা জানিব পাৰি আনন্দিত হৈ পৰিছে  তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ক্ৰমে ৰিটিচ আৰু এডইউন ৷



    ইফালে নিজ পুত্ৰৰ ফটো এইদৰে জনপ্ৰিয় হৈ পৰাত খুবেই সুখী বুলি জানিব দিছে এডইউনৰ পিতৃ ৰণজিত সূত্ৰধৰ আৰু ৰিটিচৰ পিতৃ লিটন পোদ্দাৰে ৷ সম্প্ৰদায়িক সমন্বয়ৰ বাৰ্তা দিয়াৰ উদ্দেশ্যৰে উঠা এই ফটোখনৰ  জৰিয়তে সমাজত শান্তি সম্প্ৰীতি ভাতৃত্ববোধ গঢ়ি উঠাৰ কামনা কৰে অভিভাৱকদ্বয়ে ৷



    আনহাতে ফটোগ্ৰাফাৰ তাপস পাল আৰু পৱন ছেত্ৰীয়ে উঠোৱা ফটোখন এইদৰে জনপ্ৰিয় হৈ গৈ থকাত আনন্দিত হোৱা বুলি জানিব দিয়ে ৷ ফটোখন উঠোৱাৰ সময়ৰ পৰিৱেশ আৰু ইয়াৰ উদ্দেশ্যৰ কথা জানিব দি ফটোখনৰ দৰেই সমাজত সম্পীতি বিৰাজ কৰাৰ কামনা কৰিলে তাপস আৰু পৱনে।
    Published by:Manjumoni Borah
    First published: