শিলচৰত উদণ্ড ট্ৰাক চালকৰ খুন্দাত নিহত সাংবাদিক মলিন শৰ্মা, স্কুটীৰে ঘৰলৈ উভতাৰ সময়তে দূৰ্ঘটনা
News18 Updated:July 29, 2019, 7:52 AM IST

উত্তেজিত ৰাইজৰ ঘাইপথ অৱৰোধ।

কৰ্তব্য শেষ কৰি ঘৰলৈ ওভতাৰ পথত দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিয়ে ফটো সাংবাদিকজনক। দুৰ্ঘটনা সংঘটিত কৰি ট্ৰাকসহ চালকজন উধাও হয়। এই দূৰ্ঘটনাৰ পিছতে উত্তেজিত হৈ পৰা স্থানীয় ৰাইজ পথ অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰে। আৰক্ষীৰ উপস্থিতিতহে নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি।

স্থানীয় ৰাইজৰ অভিযোগ নিশা হলেই শিলচৰত ট্ৰাক চালক সকলৰ উদ্ভণ্ডালি বৃদ্ধি পায় ৷ এই উদ্ভণ্ডালি নিয়ন্ত্ৰণ কৰাত আৰক্ষী সম্পূৰ্ণ ব্যৰ্থ হোৱাৰো অভিযোগ৷ ক্ষুব্ধ ৰাইজে কয় প্ৰতিদিনেই সেইকাৰণে এনেধৰণৰ দুৰ্ঘটনা বৃদ্ধি পাইছে শিলচৰত ৷ উল্লেখযোগ্য যে মলিন শৰ্মা শিলচৰৰ Barak Television Network (BTN) নামৰ এটা লোকেল চেনেলৰ সাংবাদিক আছিল ৷ তেওঁৰ মৃত্যুত শিলচৰ সাংবাদিক মহল মৰ্মাহত ৷