কাজিৰঙাত গঁড়ৰ আক্ৰমণ আহত ফটো সাংবাদিক। কাজিৰঙাৰ হাতীখুলি বাগিচাত গঁড়ে আক্ৰমণ কৰে এটা ব্যক্তিগত নিউজ চেনেলৰ ফটো সাংবাদিক ভাস্কৰ জ্যোতি ৰাজখোৱাক। কাজিৰঙাৰ হাতীখুলি চাহ বাগিচাত বিচৰণ কৰি থকা এটা গঁড়ৰ বাতৰি সংগ্ৰহ কৰি থকা অৱস্থাত হঠাতে গঁড়টোৱে চোঁচা লোৱাত সেই স্থানত থকা আন লোকসকল পলাই যাবলৈ সক্ষম হয় যদিও গঁড়টোৱে আক্ৰমণ কৰে ভাস্কৰক৷
স্থানীয় লোকৰ অভিযোগ মতে, গঁড়টোক বিপৰীত দিশৰ পৰা বিন বিভাগৰ লোকে হুলস্থুল কৰি খেদি দিয়াত গঁড়টোৱে মানুহৰ ফালে চোঁচা লয়। প্ৰায় ৫ মিনিট সময় গঁড়ৰ আক্ৰমণত ভাস্কৰ ধৰাশায়ী হৈ পৰে৷ স্থানীয় লোকৰ লগতে বনকৰ্মীয় হুলস্থূল কৰি গঁড়টো খেদি তেওঁক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ গুৰতৰভাৱে আহত সংবাদ কৰ্মীজনক উন্নত চিকিৎসাৰ বাবে যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে৷
Published by: Sanjay Kumar Das
FIRST PUBLISHED : July 14, 2020, 12:14 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।