আনৰ পিঠাৰে বিহু! বিজেপি আৰু আছুৰ ৰেলীৰ ফটোৰ সাদৃশ্য কি? ভাইৰেল বিশেষ আলোকচিত্ৰ

News18 Assam | News18-Assam
Updated:December 28, 2019, 7:43 PM IST
আনৰ পিঠাৰে বিহু! বিজেপি আৰু আছুৰ ৰেলীৰ ফটোৰ সাদৃশ্য কি? ভাইৰেল বিশেষ আলোকচিত্ৰ
এইবাৰ এখন ফটোক লৈ চলিছে যুঁজ!

এইবাৰ এখন ফটোক লৈ চলিছে যুঁজ!

  • Share this:
এইবাৰ এখন ফটোক লৈ চলিছে যুঁজ! ধেমাজিত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থা, শিল্পী সমাজ আৰু ৰাজ্যৰ ৩০ টা জনগোষ্ঠীয় ছাত্ৰ সংগঠনে অনুষ্ঠিত কৰা প্ৰতিবাদী সভাৰ ফটো আৰু শুকুৰবাৰে জাগীৰোডত বিজেপিৰ শান্তি সভাৰ এখন ফটোৰ মাজত সাদৃশ্য কি? মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে ছচিয়েল মিডিয়াত আপলোড কৰাৰ লগে লগে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰে ফটোখন।



ৰাজ্যত শান্তি, উন্নয়নৰ বাৰ্তা বিলাই বিজেপিয়ে জাগীৰোডত আয়োজন কৰে বিশাল জনসমাবেশ। জনসমাবেশত বৃহত্‍ সংখ্যক লোকৰ উপস্থিতি, গতিকে ছচিয়েল মিডিয়াত শ্বেয়াৰ কৰিবই লাগিব। কিন্তু বিধায়ক ৰমাকান্ত দেউৰীয়ে ফটো আপলোড কৰোতেই লাগিল কেনা। বিজেপিৰ সভাৰ ফটো বুলি বিধায়কে আপলোড কৰিলে ধেমাজিৰ CAA বিৰোধী আন্দোলনৰ ফটো। পিছত ছচিয়েল মিডিয়াত ট্ৰ’ল হোৱাত ছচিয়েল মিডিয়াৰ পৰা আঁতৰাবলৈ বাধ্য হয় ফটোখন।
Published by: Himangshu Bhuyan
First published: December 28, 2019, 12:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading