মুখ্যপৃষ্ঠা » খবৰ

» অসম

»প্ৰতিবাদৰ নামত ফিল’বাৰী HS স্কুলত ছাত্ৰ-ছাত্ৰীৰ শিষ্টাচাৰহীন কাণ্ড! আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰালে শিক্ষয়িত্ৰীক

প্ৰতিবাদৰ নামত ফিল’বাৰী HS স্কুলত ছাত্ৰ-ছাত্ৰীৰ শিষ্টাচাৰহীন কাণ্ড! আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰালে শিক্ষয়িত্ৰীক

News18 Assam | News18-Assam
Updated:October 16, 2021, 10:34 AM IST
প্ৰতিবাদৰ নামত ফিল’বাৰী HS স্কুলত ছাত্ৰ-ছাত্ৰীৰ শিষ্টাচাৰহীন কাণ্ড! আঁঠুকাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰালে শিক্ষয়িত্ৰীক
পূৰ্বে ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় হিচাপে পৰিচিত উক্ত বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই আজি ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ অজুহাতত বৰ্ধিত মাছুল সংগ্ৰহ কৰাৰ প্ৰতিবাদত বিদ্যালয়খনৰ চৌহদত বিভিন্ন শ্ল’গানেৰে  উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷

পূৰ্বে ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় হিচাপে পৰিচিত উক্ত বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই আজি ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ অজুহাতত বৰ্ধিত মাছুল সংগ্ৰহ কৰাৰ প্ৰতিবাদত বিদ্যালয়খনৰ চৌহদত বিভিন্ন শ্ল’গানেৰে  উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷

  • Share this:
ফিল’বাৰী অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান ফিল’বাৰী ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ প্ৰাংগনত সংঘটিত হয় এক অনাকাংক্ষিত পৰিস্থিতিৰ ৷ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ নামত বিদ্যালয় কৰ্তৃপক্ষ আৰু পৰিচালনা সমিতিয়ে মিলি অত্যধিক মাছুল সংগ্ৰহ কৰাকলৈ বহুদিনৰে পৰা বিদ্যালয়খনৰ ভিতৰচ’ৰাত অৰাজকতাই বিৰাজ কৰি আহিছিল ৷ বুধবাৰে যেন তাৰেই বহিঃ প্ৰকাশ ঘটিল সদ্য প্ৰাদেশীকৃত হোৱা বিদ্যালয়খনৰ চৌহদত ৷

পূৰ্বে ফিল’বাৰী কনিষ্ঠ মহাবিদ্যালয় হিচাপে পৰিচিত উক্ত বিদ্যালয়খনৰ ছাত্ৰ একতা সভাই আজি ছাত্ৰ-ছাত্ৰীৰ পৰা নামভৰ্তিৰ অজুহাতত বৰ্ধিত মাছুল সংগ্ৰহ কৰাৰ প্ৰতিবাদত বিদ্যালয়খনৰ চৌহদত বিভিন্ন শ্ল’গানেৰে  উত্তাল পৰিস্থিতিৰ সৃষ্টি কৰে ৷ উল্লেখযোগ্য যে, বৰ্ধিত মাছুল দিব নোৱাৰাৰ বাবেই অঞ্চলটোৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানখনত বহু দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে শিক্ষা গ্ৰহণৰ পৰা বঞ্চিত হোৱাৰ আশংকাই দেখা দিয়াত অঞ্চলটোৰ আছু, এ-জে-ৱাই-চি-পি, মৰাণ ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, টি-এম-পি-কেৰ ইত্যাদি ছাত্ৰ সংগঠনে বহু দিনৰে পৰা অসন্তুষ্টি প্ৰকাশ  কৰি আহিছিল ৷

কিন্তু প্ৰতিবাদৰ নামত সংগঠনটোৰ একাংশ নেতাই বিদ্যালয়খনৰ শিক্ষয়িত্ৰী নিৰদা বৰাৰ সৈতে তৰ্কত লিপ্ত হয়। আনকি শিক্ষয়িত্ৰীগৰাকীক ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু কাঢ়ি ক্ষমা খুজিবলৈ বাধ্য কৰায়। এই ঘটনাই এতিয়া সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। কাৰণ যিয়েই নহওক, এনেদৰে এগৰাকী শিক্ষয়িত্ৰীক অপমান কৰাৰ কাৰ্যক কোনেও সহজ ভাবে লব পৰা নাই।

নিজ বিদ্যালয়ৰে একাংশ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত আঁঠু লৈ শিক্ষয়িত্ৰী গৰাকীয়ে ক্ষমা বিচৰাৰ দৃশ্যটো আছিল যথেষ্ট আবেগিক ৷
Published by: Himangshu Bhuyan
First published: October 13, 2021, 1:37 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি