মুখ্যপৃষ্ঠা » খবৰ

» অসম

»ৰঙিয়াৰ তুলসীবাৰীত বিজেপি নেত্ৰীক বলাৎকাৰৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ, ৰাইজে ধৰি উত্তম–মধ্যম শোধাই গতালে আৰক্ষীক 

ৰঙিয়াৰ তুলসীবাৰীত বিজেপি নেত্ৰীক বলাৎকাৰৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ, ৰাইজে ধৰি উত্তম–মধ্যম শোধাই গতালে আৰক্ষীক 

News18 Assam | News18-Assam
Updated:September 8, 2021, 9:11 AM IST
ৰঙিয়াৰ তুলসীবাৰীত বিজেপি নেত্ৰীক বলাৎকাৰৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ, ৰাইজে ধৰি উত্তম–মধ্যম শোধাই গতালে আৰক্ষীক 
অভিযোগ অনুসৰি, তুলসীবাৰী অঞ্চলৰ বিজেপি নেত্ৰী তথা অসুস্থ মহিলাগৰাকীয়ে ৰক্তচাপ জুখিবলৈ গৈছিল ফাৰ্মাচীলৈ।

অভিযোগ অনুসৰি, তুলসীবাৰী অঞ্চলৰ বিজেপি নেত্ৰী তথা অসুস্থ মহিলাগৰাকীয়ে ৰক্তচাপ জুখিবলৈ গৈছিল ফাৰ্মাচীলৈ।

  • Share this:
ৰঙিয়াৰ তুলসীবাৰীত বিজেপি নেত্ৰীক বলাৎকাৰৰ অপচেষ্টা ফাৰ্মাচিষ্টৰ। চিকিৎসা কৰিবলৈ অহা মহিলাগৰাকীক ফাৰ্মাচিষ্টে চলালে বলাৎকাৰৰ চেষ্টা। মহিলাগৰাকীৰ চিঞৰ-বাখৰত গোট খালে স্থানীয় লোক। ৰাইজে অভিযুক্ত ফাৰ্মাচিষ্টজনক ধৰি শোধালে উত্তম–মধ্যম। অভিযুক্ত লোকজন তুলসীবাৰীৰ খবিৰুদ্দিন আহমেদ।

অভিযোগ অনুসৰি, তুলসীবাৰী অঞ্চলৰ বিজেপি নেত্ৰী তথা অসুস্থ মহিলাগৰাকীয়ে ৰক্তচাপ জুখিবলৈ গৈছিল ফাৰ্মাচীলৈ। কিন্তু মহিলাগৰাকীৰ স্বামী নথকাৰ সুযোগ বুজি খবিৰুদ্দিনে চিকিৎসা কৰিবলৈ এৰি বলাৎকাৰৰ চেষ্টা চলায়। মহিলাগৰাকীয়ে চিঞৰ–বাখৰ লগোৱাৰ লগে লগে উপস্থিত হ'ল শাহুৰ লগতে স্থানীয় লোকসকল। উপস্থিত ৰাইজে লগে লগে কৰায়ত্ত কৰে অভিযুক্তক।

খবিৰুদ্দিনক লপাথপা দি আৰক্ষীক গতাই দিলে উপস্থিত ৰাইজে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আৰু আন মহিলায়ো সন্মুখলৈ আহি তেওঁকো চিকিৎসাৰ নামত নিৰ্যাতন চলোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে। বৰ্তমান আৰক্ষীয়ে খবিৰুদ্দিনক গ্ৰেপ্তাৰ কৰি জেৰা অব্যাহত ৰাখিছে।

উল্লেখ্য যে খবিৰুদ্দিনে দীৰ্ঘদিনৰ পৰা অঞ্চলটোত এখন ফাৰ্মাচী চলাই আছিল। কিন্তু বৰ্তমান আৰক্ষীৰ জিম্মাত থকা লোকজনৰ ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ নাই বুলি একাংশ ৰাইজে অভিযোগ উত্থাপন কৰে। পিছত স্থানীয় ৰাইজে তুলসীবাৰী আৰক্ষী চকী ঘেৰাও কৰি দোষীক উচিত শাস্তিৰ দাবী জনায়।
Published by: Sanjay Kumar Das
First published: September 8, 2021, 9:11 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি