• Home
  • »
  • News
  • »
  • assam
  • »
  • ছমাহত দ্বিতীয়বাৰ বিধায়ক হৈ সমষ্টিৰ উন্নয়নৰ বাবে ৬৪টা প্ৰস্তাৱ প্ৰস্তুত ফণীধৰ তালুকদাৰৰ

ছমাহত দ্বিতীয়বাৰ বিধায়ক হৈ সমষ্টিৰ উন্নয়নৰ বাবে ৬৪টা প্ৰস্তাৱ প্ৰস্তুত ফণীধৰ তালুকদাৰৰ

ফণীধৰ তালুকদাৰে NEWS18ৰ সন্মুখত কয় যে সমষ্টিবাসীয়ে AIUDFৰ চেপাৰ মাজৰ পৰা উদ্ধাৰ হ'ল।

ফণীধৰ তালুকদাৰে NEWS18ৰ সন্মুখত কয় যে সমষ্টিবাসীয়ে AIUDFৰ চেপাৰ মাজৰ পৰা উদ্ধাৰ হ'ল।

ফণীধৰ তালুকদাৰে NEWS18ৰ সন্মুখত কয় যে সমষ্টিবাসীয়ে AIUDFৰ চেপাৰ মাজৰ পৰা উদ্ধাৰ হ'ল।

  • Share this:

ছমাহত দ্বিতীয়বাৰলৈ বিধায়ক হোৱা ফণীধৰ তালুকদাৰে প্ৰস্তুত কৰিছে সমষ্টি উন্নয়নৰ প্ৰস্তাৱ। এআইইউডিএফ ত্যাগ কৰি ভৱানীপুৰ সমষ্টিৰ পৰা বিজেপিৰ টিকটত জয়লাভ কৰা ফণীধৰ তালুকদাৰে আন চাৰিগৰাকী বিধায়কৰ সৈতে ১১ নৱেম্বৰত শপত গ্ৰহণ কৰিব।


দহ বছৰত দুবাৰ নিৰ্বাচনত পৰাস্ত হৈছিল ফণীধৰ তালুকদাৰ। ২০১১ আৰু ২০১৬ৰ বিধানসভা নিৰ্বাচনত ৰণত পৰিছিল ফণীধৰ তালুকদাৰ। সেই একেগৰাকী ফণীধৰ তালুকদাৰে বিগত ছমাহত দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল। তাকেই কয় ৰাজনীতি। হয় ২ মে'ত প্ৰথমবাৰ আৰু ২ নৱেম্বৰত দ্বিতীয়বাৰলৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ফণীধৰ তালুকদাৰে সোমবাৰে প্ৰৱেশ কৰিছে দিছপুৰৰ তেওঁৰ বিধায়কৰ পুৰণি আৱাসগৃহত।


১১ নৱেম্বৰত অন্যান্য চাৰিগৰাকী বিধায়কৰ সৈতে ফণীধৰ তালুকদাৰেও পুনৰবাৰ বিধায়ক হিচাপে শপত গ্ৰহণ কৰিব। জয়লাভৰ এসপ্তাহ পিছত দিছপুৰলৈ অহা ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে NEWS18ৰ সন্মুখত কয় যে সমষ্টিবাসীয়ে AIUDFৰ চেপাৰ মাজৰ পৰা উদ্ধাৰ হ'ল। ভৱানীপুৰৰ পৰা আঁতৰিল AIUDF মাৰ্কা।


২ নৱেম্বৰৰ ফলাফলৰ পিছতেই  ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ বাবে ৬৪টা প্ৰস্তাৱ প্ৰস্তুত কৰিছে ফণীধৰ তালুকদাৰে। ফণী তালুকদাৰৰ আশা ৰাজ্যৰ আগশাৰীৰ পাঁচটা সমষ্টিৰ ভিতৰত এটা কৰিব ভৱানীপুৰক। বিজেপি প্ৰাৰ্থী হোৱাৰ বাবেই সংখ্যালঘু ভোটাৰে এটাও ভোট নিদিয়াৰ কথা উল্লেখ কৰে বিধায়ক তালুকদাৰে। সৌ সিদিনালৈ এআইইউডিএফৰ বিধায়ক থকা ফণীধৰ তালুকদাৰৰ অকপট স্বীকাৰ আজমলৰ দল অসমত আৰু নচলিব।

Published by:Gautam Barman
First published: