আজি ৰাজ্যৰ ১৩ গৰাকী মন্ত্ৰীয়ে শপত লোৱাৰ পিছত স্বাভাৱিকতে প্ৰশ্ন উঠিছে দুগৰাকী মন্ত্ৰীতে থমকি ৰ'ব নেকি অগপ ৷ পূৰ্বৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী নাথাকিব নেকি মন্ত্ৰিত্বত ৷ ইয়াকে লৈ জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰীয়ে নিজা মত ব্যক্ত কৰিছে যদিও তেওঁৰ পুত্ৰ আৰু সমষ্টিৰ অনুৰাগীৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
এনে প্ৰতিক্ৰিয়াৰ মাজতে তথা মন্ত্ৰিত্বকেন্দ্ৰিক প্ৰশ্নৰ মাজতে ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ অন্যতম মন্ত্ৰী কেশৱ মহন্তই স্পষ্ট কৰিলে যে অগপৰ তৰফৰ পৰা লাভ কৰিব আৰু এগৰাকী মন্ত্ৰী ৷ মন্ত্ৰিত্ব লাভ কৰিব লগা অগপৰ তৃতীয়গৰাকী বিধায়ক হ'ল ফণীভূষণ চৌধুৰী ৷ অচিৰেই চৌধুৰীয়ে গ্ৰহণ কৰিব শপত ৷
মহন্তই কয়– আজি ৬ বজাত প্ৰথমখন কেবিনেট বৈঠক আছে, নিশ্চয়কৈ কোভিডৰ বিষয়টোৱে গুৰুত্ব লাভ কৰিব ৷ মুখ্যমন্ত্ৰীয়ে যি দপ্তৰ অৰ্পণ কৰিব সেয়া দায়িত্বসহকাৰে কৰিবলৈ সাজু ৷ অগপৰ তৃতীয় গৰাকী মন্ত্ৰীয়ে আনুষ্ঠানিকভাৱে অচিৰেই শপত ল'ব ৷ আমি তিনিগৰাকী বিচাৰিছিলো, ৩ গৰাকী প্ৰদান কৰিব ৷
ইপিনে দপ্তৰৰ প্ৰসংগত মহন্তই কয়– আনুষ্ঠানিকভাৱে এতিয়ালৈ দপ্তৰ প্ৰদান কৰা নাই,আনুষ্ঠানিকতা সম্পন্ন হওক, তাৰ পিছত মন্তব্য আগবঢ়াম ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|