হ্ৰাস পালে অসম গণ পৰিষদৰ আসনৰ সংখ্যা৷ বিগত নিৰ্বাচনত ১৪ আসন দখল কৰিবলৈ সক্ষম হ’লেও এইবাৰ ৯খনলৈ হ্ৰাস হ’ল দলটোৰ আসন৷ আঞ্চলিকতাবাদী দলটোৱে মুঠ ২৬খনকৈ আসনত এইবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়ালেও এইবাৰ ৯খন আসন লাভ কৰিয়ে সন্তুষ্ট থাকিবলগীয়া হ’ল৷
বিজেপি নেতৃত্বাধীন মিত্ৰজোটৰ অংশীদাৰ অগপৰ এনে অৱস্থাক লৈ চৰ্চা অব্যাহত থকাৰ সময়তে মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে আগবঢ়াইছে ইয়াৰ ব্যাখ্যা৷ ধৰ্মীয় মেৰুকৰণ হোৱাৰ বাবেই মিত্ৰজোঁটৰ অংশীদাৰ দলটোৱে বহু আসন হেৰুৱাবলগীয়া হোৱা বুলি জ্যেষ্ঠ অগপ নেতাজনে মন্তব্য কৰে৷ তেওঁ কয় যে মিত্ৰজোটৰ অংশীদাৰ দল হিচাপে জনগাঁথনিয়ে সমৰ্থন নকৰা বহুকেইটা সমষ্টিত অগপ দলে প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া হৈছিল৷ বিশেষকৈ নামনি অসমৰ পূব গোৱালপাৰা, পশ্চিম গোৱালপাৰা, মানকাচৰ, উত্তৰ অভয়াপুৰী, দক্ষিণ অভয়াপুৰী, বৰপেটা, চেঙা, সৰুক্ষেত্ৰী আদি সমষ্টিত নিৰ্বাচনৰ প্ৰাকক্ষণত ধৰ্মীয় মেৰুকৰণ হোৱাৰ ফলত অগপই পৰাজিত হ’বলগীয়া হ’ল৷
ভৱানীপুৰৰ দৰে সমষ্টিত মাত্ৰ দুই-তিনি হাজাৰ ভোটৰ ব্যৱধানত দলে পৰাজিত হৈছে যদিও ধৰ্মীয় মেৰুকৰণ নহ’লে এইবোৰ সমষ্টিত অগপৰ জয়লাভ নিশ্চিত আছিল বুলি কয় চৌধুৰীয়ে৷ এনেবোৰ সমষ্টিৰ জনগাঁথনি মিত্ৰজোঁটৰ বিপৰীত পক্ষক সমৰ্থন কৰি অহা সত্ত্বেও অগপই প্ৰতিদ্বন্দ্বিতা কৰি জয়লাভৰ বাবে অশেষ চেষ্টা কৰিছিল যদিও ধৰ্মীয় মেৰুকৰণৰ বাবেই পৰাজিত হ’বলগীয়াত পৰিল৷
ইফালে, অষ্টমবাৰৰ বাবে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা অগপ নেতা ফণীভূষণ চৌধুৰীয়ে আগন্তুক দিনত সমষ্টি উন্নয়নত অধিক মনোনিৱেশ কৰাৰ লগতে নিবনুৱা যুৱক-যুৱতীসকলোক সংস্থাপন প্ৰদানৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিব বুলি জানিবলৈ দিয়ে৷
আনহাতে, একালৰ সতীৰ্থ দীপু চৌধুৰীয়ে কংগ্ৰেছৰে মিলি বঙাইগাঁৱত মন্ত্ৰী ফণীভূষণ চৌধুৰীক হৰুওৱাৰ কৌশল ৰচনা কৰিলেও পূৰ্বৰ তুলনাত অধিক ভোটতহে জয়লাভ কৰিবলৈ সক্ষম হোৱা বুলি কটাক্ষ কৰে৷ উল্লেখ্যে অগপ নেতা ফণীভূষণ চৌধুৰীয়ে এইবাৰ নিকটতম কংগ্ৰেছৰ প্ৰাৰ্থী শংকৰ প্ৰসাদ ৰায়ক ৩৮ হাজাৰৰ অধিক ভোটত পৰাস্ত কৰি পুনৰ বাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|