হিমন্ত বিশ্ৱ শৰ্মাৰ মন্ত্ৰীসভাত নাই অগপ নেতা ফণীভূষণ চৌধুৰী। একপ্ৰকাৰ মন্ত্ৰিত্বৰ পৰা বঞ্চিত জ্যেষ্ঠ অগপ নেতা ফণীভূষণ চৌধুৰী ৷ বঙাইগাঁৱৰ পৰা একেৰাহে আঠবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে এইবাৰ মন্ত্ৰীসভাত স্থান লাভ কৰিবলৈ সক্ষম নোহোৱাত স্বাভাৱিকতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷
ইয়াৰ মাজতে ফণীভূষণ চৌধুৰীৰ পুত্ৰ শান্তনু চৌধুৰীয়ে অগপৰ নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ আৰু অসন্তুষ্টি ব্যক্ত কৰিছে ৷ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকাৰী সভাপতি কেশৱ মহন্তৰ ক্ষমতা লোভৰ বাবেই আঠবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হৈ অহা অগপ নেতাজনক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন কৰি ফেচবুকত দিয়া পোষ্টে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
ইয়াৰ মাজতে ফণীভূষণ চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা পৰিলক্ষিত হয় ৷ দলে মন্ত্ৰিত্ব বাছনিৰ সিদ্ধান্ত মানি লোৱা বুলি জানিবলৈ দি প্ৰাক্তন মন্ত্ৰী চৌধুৰীয়ে কয় – যোৱাবাৰো মোক দুই-আঢ়ৈ বছৰ পিছতহে মন্ত্ৰিত্ব প্ৰদান কৰিছে ৷ এইবাৰো একে ধৰণৰে কথা চিন্তা–চৰ্চা কৰা হৈছে ৷ ৰাইজে মোক বিধায়ক হিচাপে নিৰ্বাচিত কৰিছে ৷ মন্ত্ৰী হিচাপে নিৰ্বাচিত কৰা নাই ৷ ইফালে নিজ পুত্ৰই একাংশৰ উচতনিতহে নেতৃত্বৰ বিৰুদ্ধে এনে মন্তব্য কৰা বুলি চৌধুৰীয়ে মন্তব্য কৰে ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|