২১ মে'ৰ পৰা ৰাজ্যৰ পঞ্চদশ বিধানসভাৰ প্ৰথম অধিৱেশন ৷ পঞ্চদশ অসম বিধানসভাৰ অধিৱেশনৰ প্ৰ'টেম অধ্যক্ষৰ আসনত বহিব ফণীভূষণ চৌধুৰী ৷ বুধবাৰে জনতা ভৱনৰ ৰাজ্য চৰকাৰৰ মুখ্য সচিবৰ কাৰ্যালয়ত ৰাজ্যপাল জগদীশ মুখীৰ অনুপস্থিতিৰ বাবে মুখ্য সচিব জিষ্ণু বৰুৱাই শপতবাক্য পাঠ কৰোৱায় ফণীভূষণ চৌধুৰীক ৷ শপতবাক্য পাঠ কৰি প্ৰ'টেম অধ্যক্ষ ফণীভূষণ চৌধুৰীয়ে উল্লেখ কৰে কোভিডৰ প্ৰসংগ।
তেওঁ কয় যে কোভিডৰ পৰিপ্ৰেক্ষিতত স্বাস্হ্য বিভাগৰ নিয়ম মানি কাম কৰিব লাগিব ৷ কোভিড প্ৰট'কল মানি বিধানসভাত উপস্থিত থাকিব লাগিব সকলোৱে। ইপিনে প্ৰথমবাৰৰ বাবে অসম বিধানসভাৰ মজিয়াত কাৰাগাৰত থকা শিৱসাগৰৰ জনপ্ৰতিনিধি অখিল গগৈয়ে শপত ল'ব ৷ গৃহ বিভাগৰ নীতি–নিয়ম মানি অখিল গগৈৰ শপত গ্ৰহণ সম্পন্ন কৰা হ'ব বুলি মন্তব্য কৰে প্ৰ'টেম অধ্যক্ষ চৌধুৰীয়ে৷ ইয়াৰ মাজতে চৰ্চা হৈছে কোন হ'ব অসম বিধানসভাৰ স্থায়ী অধ্যক্ষ ৷
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|