মুখ্যপৃষ্ঠা » খবৰ

» অসম

»২৬ আগষ্টত দলত্যাগ, পহিলা ছেপ্টেম্বৰত BJPত যোগদান কৰিব আৰু এগৰাকী বিধায়কে

২৬ আগষ্টত দলত্যাগ, পহিলা ছেপ্টেম্বৰত BJPত যোগদান কৰিব আৰু এগৰাকী বিধায়কে

News18 Assam | News18-Assam
Updated:August 19, 2021, 7:24 PM IST
২৬ আগষ্টত দলত্যাগ, পহিলা ছেপ্টেম্বৰত BJPত যোগদান কৰিব আৰু এগৰাকী বিধায়কে
ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বৃহস্পতিবাৰে এই বিষয়ে সদৰী কৰে।

ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বৃহস্পতিবাৰে এই বিষয়ে সদৰী কৰে।

  • Share this:

“বদৰুদ্দিন আজমলৰ AIUDF ত্যাগ কৰিবলৈ সাজু ফণী তালুকদাৰ৷ এক ছেপ্টেম্বৰত BJPত যোগ দিব ফণী তালুকদাৰে।”- ভৱেশ কলিতা ৷


এয়া আনুষ্ঠানিক ঘোষণা ভৱেশ কলিতাৰ৷ BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই বৃহস্পতিবাৰে সদৰী কৰিলে ভৱানীপুৰৰ AIUDFৰ বিধায়ক এইজন ফণী তালুকদাৰে BJPত যোগদান কৰাৰ কথা। এই হিচাপত বদৰুদ্দিন আজমলৰ AIUDFৰ পৰা ২৬ আগষ্টত পদত্যাগ কৰিব ফণী তালুকদাৰে ৷


AIUDF ত্যাগ কৰি BJP মুখী হ'বলৈ ওলোৱা ফণী তালুকদাৰে এই পৰ্যন্ত দলক একো জনোৱা নাই বুলি বৃহস্পতিবাৰে জনালে সোণাই সমষ্টিৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাই।



কিন্তু ফণী তালুকদাৰে দল এৰিলেও AIUDFৰ কোনো আপত্তি নাই বুলি ক'লে কৰিমউদ্দিন বৰভূঞাই ৷ কৰিমউদ্দিনৰ দাবী- “ফণী তালুকদাৰে যদি দল ত্যাগ কৰে; উপ নিৰ্বাচনত পুনৰ জয়ী হ'ব AIUDFৰ প্ৰাৰ্থী ৷ কেৱল জয়ী হোৱাই নহয়; পূৰ্বৰ তুলনাত বেছি ভোটত জয়ী হ'ব AIUDFৰ প্ৰাৰ্থী ৷”

Published by: Gautam Barman
First published: August 19, 2021, 7:24 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি