• Home
  • »
  • News
  • »
  • assam
  • »
  • আৰৱৰ ধনেৰে PFIয়ে অসমৰ চৰ এলেকাত চলাই আছে ভয়ংকৰ ষড়যন্ত্ৰ, হোজাইত শিলাদিত্য দেৱৰ বিস্ফোৰণ

আৰৱৰ ধনেৰে PFIয়ে অসমৰ চৰ এলেকাত চলাই আছে ভয়ংকৰ ষড়যন্ত্ৰ, হোজাইত শিলাদিত্য দেৱৰ বিস্ফোৰণ

NSA এক্টৰ অধীনত তদন্ত হ'লে PFI যে আচলতে উগ্ৰপন্থী সংগঠন সেয়া নিশ্চিত হ'ব বুলিও বিস্ফোৰক দাবী কৰে শিলাদিত্য দেৱে। 

NSA এক্টৰ অধীনত তদন্ত হ'লে PFI যে আচলতে উগ্ৰপন্থী সংগঠন সেয়া নিশ্চিত হ'ব বুলিও বিস্ফোৰক দাবী কৰে শিলাদিত্য দেৱে। 

NSA এক্টৰ অধীনত তদন্ত হ'লে PFI যে আচলতে উগ্ৰপন্থী সংগঠন সেয়া নিশ্চিত হ'ব বুলিও বিস্ফোৰক দাবী কৰে শিলাদিত্য দেৱে। 

  • Share this:
বটদ্ৰৱা কাণ্ডত PFI জড়িত বুলি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰাৰ পিছতে PFIক লৈ ৰাজ্যজুৰি চৰ্চা অব্যাহত আছে। এইবাৰ হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ সৰৱ হৈছে PFIৰ বিৰুদ্ধে। সোমবাৰে হোজাইত শিলাদিত্য দেৱে পপুলাৰ ফ্ৰণ্ট অফ ইণ্ডিয়াক লৈ ঘটালে কেতবোৰ বিস্ফোৰণ।

শিলাদিত্য দেৱে PFIৰ বিৰুদ্ধে  NSA এক্টৰ অধীনত তদন্ত কৰি সংগঠনটো নিষিদ্ধ কৰাৰ দাবী জনাইছে। লগতে PFI ভাৰতৰ বাবে ভয়ংকৰ সংগঠন বুলি অভিহিত কৰি উগ্ৰপন্থীৰ লগত থকা লিংক বন্ধ নকৰিলে অনাগত দিনত  ভাৰতৰ বেয়া হ'ব বুলিও কৰে মন্তব্য শিলাদিত্য দেৱে।

ইফালে PFIয়ে NGOৰ মুখা পিন্ধি হাতীগাঁওৰ পৰা অসম অশান্ত কৰাৰ পৰিকল্পনা কৰি থকা বুলিও কৰে অভিযোগ শিলাদিত্য দেৱে ।বটদ্ৰৱা কাণ্ডই নহয় PFIয়ে CAA আন্দোলনৰ সময়ত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ ভাঙিছিল বুলিও মন্তব্য কৰি PFIয়ে আৰৱ দেশৰ পৰা পোৱা ফাণ্ড চৰ অঞ্চলত বিলাই ভয়ংকৰ পৰিকল্পনা কৰা বুলিও অভিযোগ কৰে।

আনহাতে উজনি অসমতো বাংলাদেশীৰ আগ্ৰাসন আৰম্ভ হোৱা বুলি মন্তব্য কৰি বাংলাদেশীয়ে জাগুনত বনাঞ্চল কাটি বসবাস কৰি আছে বুলিও মন্তব্য কৰে। NSA এক্টৰ অধীনত তদন্ত হ'লে PFI যে আচলতে উগ্ৰপন্থী সংগঠন সেয়া নিশ্চিত হ'ব বুলিও বিস্ফোৰক দাবী কৰে।
Published by:Manjumoni Borah
First published: