CAA বিৰোধী আন্দোলনৰ নামত জনতা ভৱন জ্বলাই দিয়াৰ ভয়ংকৰ ব্লুপ্ৰিণ্টঃ PFIৰ অসম শাখাৰ সভাপতিক গ্ৰেপ্তাৰ

News18 Assam | News18-Assam
Updated:December 18, 2019, 7:20 PM IST
CAA বিৰোধী আন্দোলনৰ নামত জনতা ভৱন জ্বলাই দিয়াৰ ভয়ংকৰ ব্লুপ্ৰিণ্টঃ PFIৰ অসম শাখাৰ সভাপতিক গ্ৰেপ্তাৰ
Popular Front of India, অসমৰ সভাপতি আমিনুল হকক গ্ৰেপ্তাৰ। পূৰ্ব পৰিকল্পিত ভাবে অসম প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন জ্বলাই দিয়াৰ পৰিকল্পনা কৰাৰ অভিযোগ এমিন উল হকৰ বিৰুদ্ধে।

Popular Front of India, অসমৰ সভাপতি আমিনুল হকক গ্ৰেপ্তাৰ। পূৰ্ব পৰিকল্পিত ভাবে অসম প্ৰশাসনৰ হৃদপিণ্ড স্বৰূপ জনতা ভৱন জ্বলাই দিয়াৰ পৰিকল্পনা কৰাৰ অভিযোগ এমিন উল হকৰ বিৰুদ্ধে।

  • Share this:
আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ খবৰ। অসমত চলি থকা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক বিপথে পৰিচালিত কৰিবলৈ এটা দুস্কৃতিকাৰীৰ দলে কৰিছে ভয়ংকৰ ষড়যন্ত্ৰ। CAA বিৰোধী আন্দোলনৰ নামত জনতা ভৱন জ্বলাই দিয়াৰ ভয়ংকৰ ব্লুপ্ৰিণ্ট। আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে PFIৰ অসম শাখাৰ সভাপতি আমিনুল হকক।

ৰাজ্যত অব্যাহত থকা নাগৰিকত্ব(সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদত সোমাইছে তৃতীয় শক্তি। ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে সংবাদমেল সম্বোধন কৰি যুৱ কংগ্ৰেছৰ শীৰ্ষ স্থানীয় নেতাৰ লগতে বহু কেইজন ব্যক্তিয়ে আন্দোলনৰ গইনা লৈ হিংসাত্মক কাৰ্যকলাপ সংঘটিত কৰিছে বুলি ভিডিঅ’ ফুটেজ সহ প্ৰমাণ দিবলৈ চেষ্টা কৰাৰ এদিন পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ‘Islamic fundamentalist organisation, Popular Front of India’ৰ অসম শাখাৰ সভাপতি আমিনুল হকক। আমিনুল হকে আন্দোলনৰ নামত চৰকাৰী সা–সম্পত্তি ধ্বংস কৰাৰ লগতে তেওঁৰ নেতৃততে এটা দুস্কৃতিকাৰীৰ দলে জনতা ভৱন জ্বলাই দিবলৈ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ।



মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত উল্লেখ কৰিছিল যে, আন্দোলনৰ নামত জনতা ভৱন জ্বলাই দিয়াৰ গভীৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। জনতা ভৱনৰ সন্মুখ ভাগত হোৱা হিংসাত্মক ঘটনা আছিল পূৰ্ব পৰিকল্পিত।



অগ্নীকাণ্ড সংঘটিত কৰি অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীয়ে অন্য এগৰাকীৰ লগত হেণ্ডচেক কৰিছিল। আমি সমগ্ৰ ঘটনাটোত PFI আৰু CFI জড়িত থকাৰ প্ৰমাণ লাভ কৰিছো।’



কিন্তু কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক ৰকিবুল হুচেইনে হিমন্ত বিশ্ব শৰ্মাই অভিযোগ কৰা হিংসাত্মক কাৰ্যত কংগ্ৰেছ জড়িত থকা বুলি অনা অভিযোগক নস্যাৎ কৰিছে।



ইতিমধ্যে PFI ৰ সভাপতি আমিনুল হক আৰু PFI ৰ সদস্য মোজাম্মিল হকক ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছে। CAA ৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ সময়চোৱাত আমিনুল হক আৰু মোজাম্মিল হকে হিংসাত্মক কাৰ্য্যত জড়িত থকাৰ অভিযোগ । আৰক্ষীয়ে ১০ দিনৰ আৰক্ষী জিম্মাত বিচাৰিছিল । দুয়ো পক্ষৰ যুক্তি শুনি ন্যায়াধীশে দিলে দুদিনৰ আৰক্ষীৰ জিম্মাত ।
Published by: Himangshu Bhuyan
First published: December 18, 2019, 4:30 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading