বাঘজানবাসীৰ ওচৰত উপস্থিত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কৰিলে বহুকেইটা ঘোষণা

স্থানীয় ৰাইজৰ ক্ষয়-ক্ষতিৰ পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছতহে সাহায্য প্ৰদানৰ ঘোষণা। লগতে কাৰ ভুলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ’ল তাৰো তদন্ত ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে।
স্থানীয় ৰাইজৰ ক্ষয়-ক্ষতিৰ পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছতহে সাহায্য প্ৰদানৰ ঘোষণা। লগতে কাৰ ভুলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ’ল তাৰো তদন্ত ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে।
- News18 Assam
- Last Updated: June 14, 2020, 5:11 PM IST
ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো বাঘজানৰ ঘটনাৰ বিষয়ে সবিশেষ জনোৱা হৈছে আৰু প্ৰধানমন্ত্ৰী গৰাকীয়েও ৰাইজৰ লগত আছে বুলিও আশ্বাস প্ৰদান কৰিছে বুলিও জনায় মুখ্যমন্ত্ৰীয়ে।
ইফালে, স্থানীয় ৰাইজৰ ক্ষয়-ক্ষতিৰ পৰীক্ষা–নিৰীক্ষা কৰাৰ পিছতহে সাহায্য প্ৰদানৰ ঘোষণা। লগতে কাৰ ভুলৰ বাবে এই ভয়ংকৰ ঘটনা সংঘটিত হ’ল তাৰো তদন্ত ঘোষণা কৰিছে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীয়ে। ভ্ৰমনকালত কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত অইল ইণ্ডিয়াৰ কেইবাজনো উচ্চপদস্থ বিষয়া, কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে মন্ত্ৰী যোগেন মহন, সঞ্জয় কিষাণ আৰু কেইবাজনো বিধায়ক উপস্থিত থাকে।
শীঘ্ৰে বাঘজানৰ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ’ব। ৰাইজক ক্ষতিপূৰণ প্ৰদান কৰা হ’ব।লগতে বাঘজানৰ বাবে বিশেষ আঁচনি ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাগুৰী বিলৰ পৰিষ্কাৰ কৰাৰ দায়িত্ব অইল ইণ্ডিয়াই ল’ব লাগিব। ভৱিষ্যতে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে মিলি মাগুৰী বিলক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰ্যটনস্থলী হিচাপে নিৰ্মাণ কৰা হ’ব বুলিও মন্তব্য কৰে সোণোৱালে।
বাঘজানৰ যুৱ প্ৰজন্মৰ প্ৰতি লক্ষ্য ৰাখি বাঘজানত এখন দক্ষতা বিকাশ কেন্দ্ৰ নিমাৰ্ণ কৰা হ’ব। বাঘজানৰ মহিলাসকলৰ আত্মসহায়ক গোটৰ বাবে আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব।
বাঘজানৰ খহনীয়া আৰু মথাউৰিৰ বাবে ২৭ কোটি টকা ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।