সোমবাৰৰ পৰা গুৱাহাটীত অনিৰ্দিষ্ট কালৰ বাবে বন্ধ থাকিব পেট্ৰ’ল পাম্প। সোমবাৰে পুৱা ৫ বজাৰ পৰা মহানগৰীৰ সকলোবোৰ পেট্ৰ’ল পাম্প বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। দীৰ্ঘদিন ধৰি ডীলাৰে পেট্ৰ’ল পাম্প সমূহক বঞ্চনা কৰাৰ অভিযোগ উত্থাপন কৰি এই সিদ্ধান্ত গ্ৰহণ কৰিছে পেট্ৰ’ল পাম্প সমূহে।
এন ই আই পি ডি এ গ্ৰেটাৰ গুৱাহাটী শাখাই ঘোষণা কৰিছে এই কথা। কিন্তু পেট্ৰ’ল পাম্পৰ দাবী সমূহ ডীলাৰ কৰ্তৃপক্ষই মানি ল’লে এই ক্ষেত্ৰত তেওঁলোকে সিদ্ধান্ত সলনি কৰিব বুলি জনাইছে।