• Home
  • »
  • News
  • »
  • assam
  • »
  • ৰঙালীৰ ৰঙত প্ৰতিগৰাকী অসমীয়া! পৰম্পৰাগত সাজত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী, গ্ৰাহকক দিলে বিহুৱান

ৰঙালীৰ ৰঙত প্ৰতিগৰাকী অসমীয়া! পৰম্পৰাগত সাজত পেট্ৰ'ল পাম্পৰ কৰ্মচাৰী, গ্ৰাহকক দিলে বিহুৱান

পহিলা ব'হাগৰ দিনা খোপাত কপৌ ফুল আৰু জাতীয় পোচাক পিন্ধি গৰ্বিত তেওঁলোক।

পহিলা ব'হাগৰ দিনা খোপাত কপৌ ফুল আৰু জাতীয় পোচাক পিন্ধি গৰ্বিত তেওঁলোক।

পহিলা ব'হাগৰ দিনা খোপাত কপৌ ফুল আৰু জাতীয় পোচাক পিন্ধি গৰ্বিত তেওঁলোক।

  • Share this:
চৌদিশে এতিয়া ঢোল-পেঁপাৰ মাত। ব'হাগৰ বতৰত ৰঙীণ হৈ পৰিছে প্ৰতিজন অসমীয়াৰ মন প্ৰাণ। তেনে সময়তে মহানগৰীৰ দুটা পেট্ৰ'ল পাম্পত বিহুৰ দিনা দেখিবলৈ পোৱা গৈছে ব্যতিক্ৰমী দৃশ্য।

ডিপু দুটাৰ কৰ্মচাৰীসকলে পৰম্পৰাগত বিহুৰ সাজ-পোচাক পৰিধান কৰি গ্ৰাহকক পেট্ৰ'ল যোগান ধৰিছে। প্ৰথমটো দৃশ্য মহানগৰীৰ কাহিলীপাৰাৰ জটীয়া পেট্ৰ'ল পাম্পৰ। বিহু উপলক্ষে স্বত্বাধিকাৰীৰ নিৰ্দেশমৰ্মে মহিলা কৰ্মচাৰীসকলে পৰিধান কৰিছে জাতীয় সাজ-পোচাক।

পহিলা ব'হাগৰ দিনা খোপাত কপৌ ফুল আৰু জাতীয় পোচাক পিন্ধি গৰ্বিত তেওঁলোক।মহিলাসকলৰ নিচিনা পুৰুষ কৰ্মচাৰীসকলেও পিন্ধিছে পৰম্পৰাগত সাজ-পোচাক। লগতে প্ৰাণৰো প্ৰাণ ব'হাগ বিহু বুলি এপাক কঁকাল ভাঙি নাচিলে কৰ্মচাৰীসকলে।

একে দৃশ্য মহানগৰীৰ মাজমজিয়াত থকা হাতীগাঁৱৰ পেট্ৰ'ল পাম্পৰ। গৰু বিহু দিনাখনৰ পৰা জাতীয় সাজ-পোচাক পিন্ধি কৰ্মত মনোনিৱেশ কৰিছে তেল ডিপুৰ কৰ্মচাৰীৰসকলে। তেল যোগান ধৰি আগবাঢ়াইছে সেৱা।

উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে গোৱালপাৰাৰ এটা পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীয়ে পৰিধান কৰিছিল জাতীয় সাজ-পোচাক। এইবাৰো গুৱাহাটীৰ লগতে আন আন প্ৰান্তৰ পেট্ৰ'ল পাম্পৰ কৰ্মচাৰীয়ে পৰিধান কৰিছে এনে ধৰণৰ পোচাক। আনহাতে ব'হাগ বিহুৰ দিনা ৰঙিয়াৰ এটি পেট্র'ল পাম্পৰ ব্যতিক্ৰমী দৃশ্য।

পেট্র'ল পাম্পৰ তৰফৰ পৰা গ্ৰাহকক যাচিলে বিহুৱান। পাম্পটোৰ কৰ্মচাৰীসকলে অসমীয়া সাজ-পাৰ পৰিধান কৰি গ্ৰাহকক ৰঙালী বিহুৰ ওলগ যাঁচিলে।
Published by:Himangshu Bhuyan
First published: