মহানগৰীৰ তেল ডিপোত ডিজেলৰ পৰিৱৰ্তে ওলাল পানী, কেইবাজনো গ্ৰাহকৰ বাহন বিকল

News18 Assam | News18-Assam
Updated:August 18, 2020, 5:52 PM IST
মহানগৰীৰ তেল ডিপোত ডিজেলৰ পৰিৱৰ্তে ওলাল পানী, কেইবাজনো গ্ৰাহকৰ বাহন বিকল
গ্ৰাহকে দিয়া অভিযোগৰ ভিত্তিত সাংবাদিক উপস্থিত হোৱাত ভুল স্বীকাৰ কৰিলে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই।

গ্ৰাহকে দিয়া অভিযোগৰ ভিত্তিত সাংবাদিক উপস্থিত হোৱাত ভুল স্বীকাৰ কৰিলে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই।

  • Share this:
মহানগৰীৰ মঠঘৰীয়াৰ কাৰ্বন গেটৰ মানস ছাৰ্ভিচ ষ্টেচন নামৰ পেট্ৰ’ল পাম্পটোত সংঘটিত হয় এক আজৱ ঘটনা। পেট্ৰ’ল পাম্পটোত তেল ভৰাবলৈ আহি গ্ৰাহকে তেলৰ সলনি পালে পানী। এখন দুখন নহয় কেইবাখনো বাহনত মঙলবাৰে দিনৰ ভাগত কেইবাজনো গ্ৰাহকে ডিজেল ভৰাবলৈ আহিছিল। পিছে ডিজেল ভৰালে ঠিকেই, আধাবাট যোৱাৰ পিছতেই বন্ধ হৈ পৰিল এখন দুখনকৈ সকলো বাহন। গ্ৰাহকে অভিযোগ দিলে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষক। তাৰ পিছত সৃষ্টি হল গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ মাজত বাক–বিতণ্ডা।

গ্ৰাহকে দিয়া অভিযোগৰ ভিত্তিত সাংবাদিক উপস্থিত হোৱাত ভুল স্বীকাৰ কৰিলে পেট্ৰ’ল পাম্প কৰ্তৃপক্ষই। সঁচাকৈ ডিজেলত ওলাইছিল পানী। অৱশেষত গ্ৰাহক আৰু পাম্প কৰ্তৃপক্ষৰ বুজাবুজিৰ অন্তত বিকল বাহনসমূহ গেৰেজত মেৰামতি কৰিবলৈ মান্তি হ’ল পাম্প কৰ্তৃপক্ষ। ইপিনে আন একাংশ গ্ৰাহকৰ অভিযোগ, মঠঘৰীয়াৰ কাৰ্বন গেটৰ মানস ছাৰ্ভিচ ষ্টেচনত পূৰ্বতেও হৈছিল এনে অনুৰূপ ঘটনা।
Published by: Sanjay Kumar Das
First published: August 18, 2020, 5:52 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি