உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Petrol Price Hike: অৱশেষত চেন্সুৰী কোবালে পেট্ৰ’লে! প্ৰতি লিটাৰত ১০১টকাত বিক্ৰী

    Petrol Price Hike: অৱশেষত চেন্সুৰী কোবালে পেট্ৰ’লে! প্ৰতি লিটাৰত ১০১টকাত বিক্ৰী

    Petrol Price Hike: সাধাৰণ নাগৰিক আৰু ব্যৱসায়ী সকলে চৰকাৰক জনোৱা দাম হ্ৰাস কৰিবলৈ জনোৱা সকলো আৱেদনৰ মাজতে ৰাজস্থানত পেট্ৰ’ল আৰু ডিজেলৰ অভূতপূৰ্ব দামে সকলোকে হতভম্ব কৰিছে।

    • Share this:
    অৱশেষত চেন্সুৰী কোবালে পেট্ৰ’লে! যিটো কথা ইমান দিনে মানুহে ব্যংগাত্মকভাৱে কৈ আহিছিল সেয়াই সঁচা প্ৰমাণিত হ’ল সোমবাৰে। ৰাজস্থানত প্ৰতি লিটাৰ পেট্ৰ’লৰ মূল্যই ১০০ৰ ঘৰ অতিক্ৰম কৰে। শ্ৰীগংগানগৰত সোমবাৰে প্ৰীমিয়াম পেট্ৰ’ল প্ৰতি লিটাৰত ১০১.৫৪টকাত বিক্ৰী হয় আনহাতে সামান্য পেট্ৰ’ল ৯৭.৬৯টকা প্ৰতি লিটাৰ হয়। উল্লেখ্য যে, ৰাজস্থানত পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত দেশৰ ভিতৰতে সৰ্বাধিক ভেট আৰোপ হৈ আছে।

    ৰাজস্থানত পেট্ৰ’ল আৰু ডিজেলৰ বৰ্ধিত দামৰ বিশ্লেষণ কৰিলে দেখা যায় যে ইয়াত পেট্ৰ’লৰ ওপৰত ৩৮শতাংশ ভেট লাগে আনহাতে ডিজেলত ২৮শতাংশ ভেট আছে। কোৰোণা সংকটৰ পৰা নিস্তাৰ পাবলৈ চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ১০শতাংশ অতিৰিক্ত কৰ লগাইছিল যাৰ কাৰণে ৰাজ্যত পেট্ৰ’লৰ দাম এতিয়া আকাশলংঘী হৈছে।

    অসমত কিমান আৰু কেতিয়া কমিব দাম?

    মঙলবাৰে পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰতি লিটাৰত ক্ৰমে ৮৮.৮৯টকা আৰু ৮২.৫৩টকা হৈছে। উল্লেখ্য যে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ফেব্ৰুৱাৰী মাহত পেট্ৰ’ল–ডিজেলৰ ওপৰত আৰোপ কৰা অতিৰিক্ত কোৰোণা কৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছিল। যোৱা বছৰ পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত ৫টকাকৈ কৰ আৰোপ কৰিছিল অসম চৰকাৰে।
    First published: