உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • ফেব্ৰুৱাৰীৰ পৰা অসমত কমিব পেট্ৰ’ল–ডিজেলৰ মূল্য, জানক কিমান কমিব

    ফেব্ৰুৱাৰীৰ পৰা অসমত কমিব পেট্ৰ’ল–ডিজেলৰ মূল্য, জানক কিমান কমিব

    ৰাজ্য চৰকাৰে এই সামগ্ৰীসমূহৰ পৰা অতিৰিক্ত ক’ভিড সম্পৰ্কীয় কৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।

    ৰাজ্য চৰকাৰে এই সামগ্ৰীসমূহৰ পৰা অতিৰিক্ত ক’ভিড সম্পৰ্কীয় কৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।

    ৰাজ্য চৰকাৰে এই সামগ্ৰীসমূহৰ পৰা অতিৰিক্ত ক’ভিড সম্পৰ্কীয় কৰ প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰিছে।

    • Share this:
    সাধাৰণ ৰাইজৰ বাবে কিছু সকাহ! ফেব্ৰুৱাৰী মাহৰ পৰা অসমত পেট্ৰ’ল–ডিজেলৰ মূল্য ভালেখিনি হ্ৰাস পাব। চৰকাৰে যোৱা বছৰ এই সামগ্ৰীসমূহত আৰোপ কৰা ক’ভিড সম্পৰ্কীয় কৰ অহা মাহৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে। ইতিমধ্যে বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা বছৰৰ আৰম্ভনিতে এই কথা ঘোষণা কৰিছিল। ‘ভোট অন একাউণ্ট উত্থাপন কৰাৰ সময়তে ক’ভিড–১৯ অতিমাৰীৰ সময়ত আৰোপ কৰা সকলো কৰ প্ৰত্যাহাৰ কৰা হ’ব।’

    যোৱা বছৰ কোৰোণাই ক্ষতিগ্ৰস্ত কৰা ৰাজ্যৰ অৰ্থনীতি সুস্থিৰ কৰাৰ লক্ষ্যৰে চৰকাৰে এই কৰ সামগ্ৰীসমূহত আৰোপ কৰিছিল।
    উল্লেখ্য যে, বিধানসভাৰ নিৰ্বাচন এইবছৰ অনুষ্ঠিত হোৱাৰ কাৰণে পূৰ্ণাংগ বাজেটৰ সলনি বিধানসভাত উত্থাপন হ’ব ভোট অন একাউণ্ট।

    কিমান হ্ৰাস পাব দাম?

    যোৱা বছৰ এপ্ৰিল মাহত পেট্ৰ’ল আৰু ডিজেলৰ মূল্য ক্ৰমে লিটাৰত প্ৰায় ৫টকাকৈ বৃদ্ধি কৰিছিল। গতিকে এই অতিৰিক্ত কৰ হ্ৰাস কৰিলে পেট্ৰ’ল–ডিজেলৰ মূল্য যথেষ্ট হ্ৰাস পোৱাটো নিশ্চিত।
    First published: