অক্টোবৰ মাহটোত ২৫ দিনৰো অধিক পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িছে। প্ৰতিদিনে ৩০–৩৫ পইচাকৈ বিগত মাহত পেট্ৰ’লত ৭.৪৫ টকা বৃদ্ধি পাইছে।
অক্টোবৰ মাহটোত ২৫ দিনৰো অধিক পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িছে। প্ৰতিদিনে ৩০–৩৫ পইচাকৈ বিগত মাহত পেট্ৰ’লত ৭.৪৫ টকা বৃদ্ধি পাইছে।
Petrol Diesel Price Today: ভাৰতীয় শ্বেয়াৰ বজাৰৰ দৰে দেশত পেট্ৰ’ল–ডিজেলৰ দামেও সৰ্বকালৰ অভিলেখ ভংগ কৰিছে। শ্বেয়াৰ বজাৰ মাজে সময়ে উঠা–নমা হয় যদিও পেট্ৰ’ল–ডিজেলৰ দাম দৈনিক বৃদ্ধিহে পাইছে। ৰাজধানী দিল্লীত এক লিটাৰ পেট্ৰ’লৰ দাম ১১০.০৪ টকা হৈছে। ডিজেল প্ৰতিলিটাৰত ৯৮.৪২ টকা। অৱশ্যে আজি পেট্ৰ’ল আৰু ডিজেলৰ দামত কোনো হ্ৰাস–বৃদ্ধি হোৱা নাই। বিগত কেইবাদিনো ধৰি ইন্ধনৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পাই আহিছে।
অক্টোবৰত পেট্ৰ’লত ৭.৪৫ টকা বৃদ্ধি
অক্টোবৰ মাহটোত ২৫ দিনৰো অধিক পেট্ৰ’ল–ডিজেলৰ দাম বাঢ়িছে। প্ৰতিদিনে ৩০–৩৫ পইচাকৈ বিগত মাহত পেট্ৰ’লত ৭.৪৫ টকা বৃদ্ধি পাইছে। আনহাতে ডিজেলত বৃদ্ধি পাইছে ৭.৯০ টকা। আন্তঃৰাষ্ট্ৰী বজাৰত ক্ৰুড অইলৰ বৰ্ধিত দামৰ বাবে প্ৰতিদিনে দেশত ইন্ধনৰ মূল্য বৃদ্ধি হৈ আছে। মাৰ্কেট এক্সপাৰ্টৰ অনুমান মতে এতিয়া ক্ৰুড অইলৰ দাম আৰু বৃদ্ধি পাব পাৰে।
পাঁচখন মহানগৰত আজি পেট্ৰ’ল–ডিজেলৰ দাম
– দিল্লীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১১০.০৪ টকা আৰু ডিজেল ৯৮.৪২ টকা
– মুম্বাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১১৫.৮৫ টকা আৰু ডিজলত ১০৬.৬২ টকা
– চেন্নাইত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৬.৬৬ টকা আৰু ডিজেল ১০২.৫৯ টকা
– কলকাকাত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১১০.৪৯ টকা আৰু ডিজেল ১০১.৫৬ টকা
– গুৱাহাটীত প্ৰতিলিটাৰ পেট্ৰ’লৰ দাম ১০৬.৪৬ টকা আৰু ডিজেল ৯৮.৭০ টকা।
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|