• Home
  • »
  • News
  • »
  • assam
  • »
  • Petrol-Diesel Price Today: আজিও বৃদ্ধি পেট্ৰ'ল–ডিজেলৰ মূল্য, অক্টোবৰৰ মাহটোতে ইমানলৈ বাঢ়িল ইন্ধনৰ মূল্য

Petrol-Diesel Price Today: আজিও বৃদ্ধি পেট্ৰ'ল–ডিজেলৰ মূল্য, অক্টোবৰৰ মাহটোতে ইমানলৈ বাঢ়িল ইন্ধনৰ মূল্য

এতিয়া খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ উঠাৰ সম্ভাৱনা দেখা গৈছে, গতিকে পেট্ৰ'ল আৰু ডিজেলৰ পুনৰ মূল্যবৃদ্ধি হোৱাৰ আশংকা আছে।

এতিয়া খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ উঠাৰ সম্ভাৱনা দেখা গৈছে, গতিকে পেট্ৰ'ল আৰু ডিজেলৰ পুনৰ মূল্যবৃদ্ধি হোৱাৰ আশংকা আছে।

এতিয়া খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ উঠাৰ সম্ভাৱনা দেখা গৈছে, গতিকে পেট্ৰ'ল আৰু ডিজেলৰ পুনৰ মূল্যবৃদ্ধি হোৱাৰ আশংকা আছে।

  • Share this:

মাহ বা পষেক নহয় এতিয়া প্ৰতিদিনে পেট্ৰ'ল-ডিজেলৰ মূল্য বৃদ্ধি হয়। ১৭ অক্টোবৰ দেওবাৰেও পেট্ৰ'ল–ডিজেলৰ মূল্য বৃদ্ধি হোৱা দেখা গৈছে। চৰকাৰী তেল কোম্পানীবোৰে আজি পেট্ৰ'ল আৰু ডিজেল দুয়োটাৰ মূল্য ৩৫ পইচাকৈ বৃদ্ধি কৰিছে। সেই অনুসৰি গুৱাহাটীতো ৩৫ পইচাকৈ বৃদ্ধি হৈ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হৈছে ক্ৰমে ১০১.৮০ আৰু  ৯৪.২৭ টকা।


আজি মুকলি কৰা আইঅ'চিএল হাৰ অনুসৰি, দেশৰ ৰাজধানী চহৰ দিল্লীৰ এটা ইণ্ডিয়ান অইল (IOC) পাম্পত প্ৰতি লিটাৰত ১০৫.৮৪ টকাত পেট্ৰ'ল বিক্ৰী কৰা হৈছে। ডিজেলৰ প্ৰতি লিটাৰত হৈছে ৯৪.৫৭ টকা। উল্লেখ্য, অক্টোবৰত মাহত এতিয়ালৈকে ইন্ধনৰ মূল্য ১৪বাৰ বৃদ্ধি কৰা হৈছে। মাত্ৰ তিনি দিনৰ বাহিৰে প্ৰতিদিনে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হৈছে। কেৱল অক্টোবৰতে পেট্ৰ'লত ৪.১৫ টকা বৃদ্ধি হোৱাৰ লগতে ডিজেলৰ মূল্যবৃদ্ধি হৈছে ৪.৭০ টকা।


এতিয়া খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ৯০ ডলাৰলৈ উঠাৰ সম্ভাৱনা দেখা গৈছে, গতিকে পেট্ৰ'ল আৰু ডিজেলৰ পুনৰ মূল্যবৃদ্ধি হোৱাৰ আশংকা আছে। ইফালে, কেন্দ্ৰীয় গৃহ আৰু নগৰ উন্নয়ন আৰু পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে কয় যে চৰকাৰে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য নিৰন্তৰ নিৰীক্ষণ কৰি আছে। চৰকাৰে মূল্য স্থিৰ কৰিবলৈ চেষ্টা কৰি আছে।


চাৰিখন মেট্ৰ'ত পেট্ৰ'ল–ডিজেলৰ মূল্য (১৭ অক্টোবৰ)
দিল্লীত পেট্ৰ'ল প্ৰতিলিটাৰত ১০৫.৮৪ টকা আৰু ডিজেল ৯৪.৫৭ টকা, মুম্বাইত পেট্ৰ'ল প্ৰতি লিটাৰত ১১১.৭৭ টকা আৰু ডিজেল ১০২.৫২ টকা, চেন্নাইত পেট্ৰ'ল প্ৰতি লিটাৰত ১০৩.০১ টকা আৰু ডিজেল ৯৮.৯২ টকা, কলকাতাত পেট্ৰ'ল প্ৰতি লিটাৰত ১০৬.৪৩ টকা আৰু ডিজেল ৯৭.৬৮ টকা।


এই ৰাজ্যবোৰত পেট্ৰ'লে ১০০ অতিক্ৰম কৰে
মধ্য প্ৰদেশ, ৰাজস্থান, মহাৰাষ্ট্ৰ, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, ওৰিশা, জম্মু আৰু কাশ্মীৰ, অসম আৰু লাডাখত পেট্ৰ'লৰ মূল্য ১০০ টকা অতিক্ৰম কৰিছে। মুম্বাইত পেট্ৰ'লৰ মূল্য সৰ্বাধিক। ৰাজ্যসমূহত পেট্ৰ'ল আৰু ডিজেলৰ মূল্যৰ পাৰ্থক্য কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ দ্বাৰা আৰোপ কৰা কৰ আৰু পৰিবহন মূল্যৰ বাবে ৰাজ্য ভেদে পৃথক হয়।


আপোনাৰ চহৰৰ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য এনেদৰে পৰীক্ষা কৰক
দেশৰ তিনিটা তেল বিপণন কোম্পানী এইচপিচিএল, বিপিচিএল আৰু আইঅ'চিয়ে পুৱা ৬ বজাৰ পিছত পেট্ৰ'ল–ডিজেলৰ নতুন মূল্য জাৰি কৰে। আপুনি নতুন মূল্যৰ বিষয়ে জানিবলৈ ৱেবছাইটলৈ গৈ তথ্য প্ৰাপ্ত কৰিব পাৰে। একে সময়তে, আপুনি মোবাইল ফোনত এছ.এম.এছ.ৰ জৰিয়তে মূল্যৰ বিষয়ে জানিব পাৰে। আপুনি ৯২২৪৯ ৯২২৪৯ লৈ এছএমএছ প্ৰেৰণ কৰি পেট্ৰ'ল ডিজেলৰ মূল্যৰ বিষয়েও জানিব পাৰে। আপুনি RSP<Space>পেট্ৰ'ল পাম্প ডিলাৰৰ কোড লিখি ৯২২৪৯ ৯২২৪৯লৈ প্ৰেৰণ কৰিব লাগিব।

Published by:Gautam Barman
First published: